ETV Bharat / state

Assam Drive Against Child Marriage : পৰিয়ালসমূহ ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান বিৰোধী দলপতিৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

হিতে বিপৰীত হোৱাৰ দিশে চৰকাৰৰ স্বামী গ্ৰেপ্তাৰ অভিযান (Assam Drive Against Child Marriage)৷ বাল্যবিৱাহ কৰোৱা স্বামীক গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশ ৷ থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্তৰ লগতে আত্মহত্যাৰ ঘটনাও সৃষ্টি হৈছে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ পৰিয়ালসমূহ ধ্বংস কৰাৰ পৰাৰ বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিৰোধী দলপতিগৰাকীয়ে ৷

Assam Drive Against Child Marriage
পৰিয়ালসমূহ ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ
author img

By

Published : Feb 4, 2023, 4:34 PM IST

পৰিয়ালসমূহ ধ্বংস নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : দেশজুৰি চমক সৃষ্টি কৰি বৃহস্পতিবাৰৰ ৰাজ্যত আৰম্ভ হ’ল বাল্যবিৱাহৰ বিৰুদ্ধে অভূতপূৰ্ব অভিযান (Assam Drive Against Child Marriage)৷ ইতিমধ্যে প্ৰায় 2300 স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে নাৱালিকাক বিয়া কৰোৱাৰ অপৰাধত ৷ উক্ত স্বামীসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বাল্যবিবাহ নিষিদ্ধ আইনৰ লগতে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন(POCSO)ৰ আইনৰ অধীনত গোচৰ (Crackdown against child marriage) ৷

ইয়াৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালত ৷ পৰিয়ালসমূহত পৰিছে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ নেতিবাচক প্ৰভাৱ ৷ তাৎপৰ্যপূৰ্ণভাৱে সন্তানসম্ভৱা মহিলাসকলৰ স্বামীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বহু দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পাছতে পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালসমূহত ৷

দুৰ্ভাগ্যজনকভাৱে চৰকাৰৰ নাৱালিকাক বিয়া কৰোৱা স্বামীৰ লগতে উক্ত বিয়াত সহযোগিতা আগবঢ়োৱা লোকৰ বিৰুদ্ধে চলোৱা অভিযানৰ মৰ্মান্তিক প্ৰভাৱ পৰিল মানকাচৰত ৷ স্বামীহাৰা এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি ল’লে চৰকাৰৰ কঠোৰ সিদ্ধান্তত ভীতিগ্ৰস্ত হৈ (Woman commits suicide due to Anti child marrige drive)৷ দুটা সন্তানৰ মাতৃ তথা স্বামীহাৰা মহিলাগৰাকীয়ে পিতৃক গ্ৰেপ্তাৰৰ আশংকাত বাচি ল’লে চৰম পথ ৷ উল্লেখ্য, সীমা খাতুন ওৰফে খুশবু নামৰ মহিলাগৰাকী কিছু বছৰৰ পূৰ্বে নাৱালিকা অৱস্থাত বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু দুটা বছৰৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল ৷

ইয়াৰ পাছৰে পৰা মহিলাগৰাকী পিতৃগৃহত বাস কৰি আহিছে সন্তান দুটিৰ সৈতে ৷ দুদিন পূৰ্বৰে পৰা ৰাজ্য চৰকাৰে বাল্যবিৱাহ কৰোৱা স্বামী তথা উক্ত বিৱাহত সমৰ্থন জনোৱা লোকক গ্ৰেপ্তাৰৰ অভিযান চলোৱাৰ পাছতে পিতৃকো গ্ৰেপ্তাৰ কৰিব বুলি আতংকিত হৈ আত্মহত্যা কৰিলে মহিলাগৰাকীয়ে ৷

হিতে বিপৰীত হোৱা চৰকাৰৰ এই অভিযানে ৰাজ্যজুৰি জ্বলাইছে ক্ষোভৰ জুই ৷ ইতিমধ্যে থানাই থানাই সাধাৰণ জনতাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে গ্ৰেপ্তাৰ হোৱা স্বামীক মুক্তিৰ দাবীত ৷ বহু লোকে ঘৰ-বাৰী এৰি পলায়ন কৰাৰ ঘটনাও সংধটিত হৈছে ৷ সমান্তৰালভাৱে বিৰোধী দলসমূহেও মতামত ব্যক্ত কৰিছে চমক সৃষ্টি কৰিবলৈ আগ-পিছ নুগুনি চৰকাৰে চলোৱা এই অভিযান সন্দৰ্ভত ৷

চৰকাৰৰ এই অভিযান সন্দৰ্ভত বিশ্লেষণাত্মক প্ৰতিক্ৰিয়া আগবঢ়াইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader Debabrat Saikia)৷ বাল্যবিৱাহ নিষিদ্ধকণৰ সমৰ্থন জনাই চৰকাৰক সমালোচনা কৰিলে বিৰোধী দলপতিগৰাকীয়ে ৷ তেওঁ কয় যে বাল্যবিৱাহৰ বিৰোধিতাৰে বহু পূৰ্বেই অসম শিশু সুৰক্ষা আয়োগ গঠন কৰা হৈছিল ৷ ন্যায়িক ক্ষমতা পৰ্যন্ত দিয়া হৈছে উক্ত আয়োগক ৷ কিন্তু এই আয়োগ থকাৰ পাছতো কিদৰে ইমানবোৰ বাল্যবিৱাহ সম্পন্ন হ’ল সেই কথাত আশ্বৰ্য প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷

ৰাজ্যিক শিশু সুৰক্ষা আয়োগে (Assam Child protection commission) বিগত 7-8 বছৰে কেৱল ৰাজনৈতিক স্বাৰ্থতে কোনো পদক্ষেপ নোলোৱাকৈয়েই সময় অতিবাহিত কৰিলে নেকি বুলিও প্ৰশ্ন কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ চৰকাৰে আয়োগক জবাবদিহি কৰি ভংগ কৰাৰ দাবী জনায় বিৰোধী দলপতিগৰাকীয়ে ৷

লগতে আন এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে, বহুবছৰৰ পূৰ্বে বাল্যবিৱাহ কৰোৱা লোকসকলৰ এতিয়া বিৱাহৰ উপযুক্ত বয়স হৈছে ৷ গতিকে উক্ত পৰিয়ালসমূহ ধ্বংস কৰাৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) আহ্বান জনায় দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.