ETV Bharat / state

Opposition Leader Debabrat Saikia: চৰকাৰী শিক্ষানুষ্ঠানত নাই ছাত্র-ছাত্ৰীৰ অনুপাতে শিক্ষক : দেৱব্ৰত শইকীয়া

author img

By

Published : Dec 22, 2022, 5:18 PM IST

শিক্ষকৰ অভাৱত আছে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ৷ এজনীয়া শিক্ষকেৰেই চলি আছে ২৯৭৯ খন বিদ্যালয় । বিৰোধী দলপতিৰ প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰীয়ে দিলে তথ্য (Lack of teacher in Assam Govt school)৷

Opposition Leader Debabrat Saikia
অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

গুৱাহাটী, 22 ডিচেম্বৰ : ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডত আমূল পৰিৱৰ্তনৰ কথা চৰকাৰে বাৰে-বাৰে প্ৰকাশ কৰি থাকিলেও বিশেষকৈ শিক্ষকৰ অভাৱ এতিয়াও দূৰ কৰিবলৈ সক্ষম হোৱা নাই (Lack of teacher in Assam Govt school)৷ বৰ্তমানো অসমত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম ৷ এই কথা বৃহস্পতিবাৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই(Opposition leader Debabrat Saikia) বিধানসভাৰ‌ চৌহদত সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে ৷

অব্যাহত থকা বিধানসভাৰ শীতকালীন অধিৱেশনত(Assam cabinet winter session) অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথঁনিৰ সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কৰা এক প্ৰশ্নৰ আধাৰত সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শকীয়াই অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথঁনিৰ সন্দৰ্ভত বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিছিল । বিৰোধী দলপতিগৰাকীৰ প্ৰশ্নোত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰা মন্তব্যৰ আঁত ধৰি দেৱব্ৰত শকীয়াই কয়- ‘‘বৰ্তমান অসমত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কম শিক্ষক আছে । ১৯৭৫ খন উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ খালী পদৰ সংখ্যা ৪৯৬২ টা আৰু ৯১৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্নাতকোত্তৰ শিক্ষকৰ খালী পদৰ সংখ্যা ১৫০৫ টা ।

তথ্য অনুসৰি ৰাজ্যত এজনীয়া শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ২৯৭৯ খন । দুজনীয়া শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ১৫১৬১ খন । তিনিজনীয়া শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ৮২০৭ খন । ৭ জনতকৈ অধিক শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ২৯১৬ খন আৰু উচ্চ অৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা ৪১২৯ খন । ৰাজ্যত বহিঃ বিদ্যুৎ সংযোগ নথকা মুঠ বিদ্যালয়ৰ সংখ্যা ১১০৭ খন । ইয়াৰে ১০৯৭ খন প্ৰাথমিক পৰ্যায়ৰ আৰু ১০ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় ।

আনহাতে ৰাজ্যত এতিয়ালৈকে মুঠ ১১২৪ খন বিদ্যালয়ত খোৱাপানীৰ পৰিকল্পিত ব্যৱস্থা নাই ৷ ইয়াৰে ১০৬৬ খন প্ৰাথমিক আৰু ৫৮ খন মাধ্যমিক পর্যায়ৰ বিদ্যালয় । আনহাতে UDISE-2021-22 তথ্য মতে ল'ৰাৰ উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা নথকা বিদ্যালয়ৰ সংখ্যা ৩১১৭ খন (Poor infrastructure in Assam govt school)৷ ইয়াৰে ২৭৪৭ খন প্ৰাথমিক আৰু ৩৭০ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় ৷ ছোৱালীৰ উপযুক্ত শৌচাগাৰ নথকা মুঠ বিদ্যালয়ৰ সংখ্যা ১৬৯৩ খন ৷ ইয়াৰে ১৫৮২ খন প্ৰাথমিক আৰু ১১১ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়’’ ৷

লগতে পঢ়ক: FSSAI Eat Right Campus award: ৰামোজী ফিল্ম চিটিয়ে লাভ কৰিলে ইট ৰাইট কেম্পাছ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.