ETV Bharat / state

দুজন চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয়

স্ত্ৰী আৰু প্ৰসূতি বিভাগ আছে যদিও চিকিৎসকৰ অভাৱত তলা ওলমিছে দুৱাৰত ৷ প্ৰসূতিসকলে যাব লগা হয় অন্য চিকিৎসায়লৈ ৷ চিকিৎসকে ছুটী ল’লে ফাৰ্মাচিষ্টেই চাব লগা হয় ৰোগী ৷

দুজন চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয়
author img

By

Published : Jul 8, 2019, 9:00 PM IST

গুৱাহাটী, 8 জুলাই : এজন এম বি বি এছ চিকিৎসক আৰু এজন আয়ুৰ্বেদিক চিকিৎসকৰে চলিছে মহানগৰীৰ এখন চিকিৎসালয় ৷ সাতগাঁৱৰ "নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’’ই উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পুতৌ লগা ছবি ৷ চিকিৎসালয়খনত 30 খন বিছনাযুক্ত স্ত্ৰী আৰু প্ৰসূতি বিভাগ আছে যদিও চিকিৎসকৰ অভাৱত তলা ওলমিছে দুৱাৰত । উৰ্দ্ধতম বিষয়াক বাৰে বাৰে আপত্তি কৰি আহিছে যদিও এইক্ষেত্ৰত কোনো ফল ধৰা নাই বুলি ক’লে কৰ্মৰত চিকিৎসক গাৰ্গী মালাকাৰে । বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোক লৈ বিভাগটোৱে গুৰুত্ব নিদিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে বুলি উল্লেখ কৰে ৰাইজে । প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবেই প্ৰসূতিসকলে অন্য চিকিৎসায়লৈ যাব লগা হয় ৷ চিকিৎসকে ছুটী ল’লে ফাৰ্মাচিষ্টেই চাব লগা হয় ৰোগী । এতিয়া এনেদৰেই চলিছে ৰাজ্যৰ একাংশ চিকিৎসালয় ৷

Intro:ৰাজ্যৰ স্বাস্থ্য বিভাগ উন্নয়ন হোৱাৰ দাবী তোলাৰ সময়তে বিভাগটোৰ বিপৰীত ছবি হে প্ৰতিদিনে পোহৰলৈ আহিছে ।গাওঁ অথবা কোনো দুৰ্গম অঞ্চল নহয়,খোদ গুৱাহাটী মহানগৰীতে এতিয়া স্বাস্থ্য বিভাগৰ পুতৌজনক ছবি পোহৰলৈ আহিছে ।

Body:এয়া সাতগাৱৰ "নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ" দৃশ্য ।পুৱাৰে পৰা স্বাস্থ্য কেন্দ্ৰটোত আহিছে ৰোগী ।কিন্তু নগৰীয়া স্বাস্থ্য কেন্দ্ৰ টোত নাই পৰ্যাপ্ত চিকিৎসক,চিকিৎসা কৰ্মী ।এজন মাত্ৰ এম বি বি এচ চিকিৎসক,আৰু এজন আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা কৰে শতাধিক ৰোগীক ।যাৰ বাবে বহু ৰোগী স্বাস্থ্য কেন্দ্ৰটোলৈ আহি বিনা চিকিৎসাৰে উভতি যাব লগা হয় । ইয়াৰ উপৰিও 30 খন বিছনাযুক্ত স্ত্ৰী আৰু প্ৰসুতি বিভাগ আছে যদিও চিকিৎসকৰ অভাৱত তলা ওলমিছে বিভাগটোৰ দুৱাৰত । এনেদৰেই অভাৱ আৰু বিপৰ্যয়ৰ মাজেৰেই চলিছে ৰাজ্য ৰ স্বাস্থ্য বিভাগ । উৰ্ধতন বিষয়াক বিচাৰি বাৰে বাৰে আপত্তি কৰি আহিছে যদিও কোনো ফল ধৰা নাই বুলি কলে কৰ্মৰত চিকিৎসক গাৰ্গী মালাকাৰে । বিভিন্ন অসুবিধাৰ মাজেৰেই সেৱা আগবঢ়াই গৈছে চিকিৎসক দুগৰাকীয়ে ।

বাইট

VO...বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোক লৈ বিভাগটোৱে গুৰুত্ব নিদিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে বঞ্চিত হৈছে চিকিৎসা সেৱাৰ পৰা । প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবেই প্ৰসুতি সকলে অন্য চিকিৎসায়লৈ যাব লগা হয় ।

বাইট

VO.. বৰ্তমান নগৰীয়া স্বাস্থ্য কেন্দ্ৰটোত NHM ৰ অধীনত এজন চিকিৎসকৰ পদ খালী হৈ আছে । বৰ্তমান দায়িত্ব প্ৰাপ্ত চিকিৎসকে ছুটী ললে ফাৰ্মাচিষ্টেই চাব লগা হয় ৰোগী ।

বাইট

VO..কোন দিশে এতিয়া ৰাজ্য ৰ স্বাস্থ্য বিভাগ??যি সময়ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ভয়াবহ ৰূপ ধাৰন কৰিছে, সেই সময়তে দুজন চিকিৎসকে সাতগাৱৰ দৰে বৃহৎ অঞ্চলত কেনেদৰে চিকিৎসা কৰিব সেয়াহে এক বিচাৰ্যৰ বিষয় ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.