ETV Bharat / state

Constituency delimitation: ভূপেন বৰাৰ গৃহ জিলাত কংগ্ৰেছৰ অস্তিত্বক নস্যাৎ অশোক সিংহলৰ - Ashok Singhal on constituency delimitation

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৃহ জিলাতে দলটোক তীব্ৰ সমালোচনা মন্ত্ৰী অশোক সিংহলৰ ৷ লখিমপুৰত বৃহস্পতিবাৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী সিংহলে কয় যে, কেৱল সাংবাদিকৰ প্ৰশ্নত জীয়াই আছে কংগ্ৰেছ দল ৷ অসমৰ ৰাইজে তেওঁলোকক পাহৰিলে (Ashok Singhal slams Congress) ৷

Minister Ashok Singhal in Lakhimpur
কংগ্ৰেছৰ অস্তিত্বক নস্যাৎ অশোক সিংহলৰ
author img

By

Published : Mar 30, 2023, 10:55 PM IST

কংগ্ৰেছৰ অস্তিত্বক নস্যাৎ অশোক সিংহলৰ

লখিমপুৰ, 30 মাৰ্চ : বৃহস্পতিবাৰে বিয়লি একাধিক কাৰ্যসূচী লৈ লখিমপুৰত উপস্থিত হয় মন্ত্রী অশোক সিংহল । সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁ বিৰোধী দল কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ কয় যে, অসমৰ ৰাইজে পাহৰি গ’ল কংগ্রেছ দলক । কেৱল জীয়াই ৰাখিছে সাংবাদিকেহে (Ashok Singhal slams Congress) ।

তেওঁ আৰু কয় যে, বিৰোধীৰ কাম কেৱল বিৰোধিতা কৰা । চৰকাৰৰ কোনো ভাল কামত তেওঁলোকে সমৰ্থন দি পোৱা নাই । বিৰোধী দুই প্ৰকাৰৰ বুলি কটাক্ষ কৰি তেওঁ কয় যে, এটা পক্ষই ছাইনব’ৰ্ড লগাই কথা কয় আৰু আনটোৱে পাৰ্টী চলায় । কংগ্রেছ অসমত কেতিয়াও শাসনলৈ নাহে বুলি দাবী কৰি সিংহলে কয় যে, ৰাইজে পাহৰি যোৱা দলটোক সাংবাদিকে প্ৰশ্ন কৰিহে জীয়াই ৰাখিছে (Ashok Singhal criticizes Congress)।

কংগ্রেছৰ ৰাজনীতি কেৱল ভোটৰ ৰাজনীতি । অসমৰ মাটি, পানী, বায়ু ,ভবিষ্যৎ আদি ধ্বংস হৈ গ’লেও কংগ্রেছৰ একো ক্ষতি নাই । ইফালে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ, সমষ্টিৰ সংখ্যা বৃদ্ধি অথবা হ্ৰাসৰ সন্দৰ্ভত তেওঁ কয় যে, অসমত থকা প্ৰতিটো জাতি, জনগোষ্ঠী, উপজাতিৰ প্ৰতিনিধিয়ে যাতে বিধানসভাত প্ৰতিনিধিত্ব কৰিব পাৰে তাৰবাবে কম জনসংখ্যাৰ হ’লেও সমষ্টি গঠন হোৱাটো বেয়া কথা নহয় (Ashok Singhal on constituency delimitation) ।

প্ৰসংগ ক্ৰমে তেওঁ কয় যে, নদ-নদী জলাশয় আদি ৰক্ষাৰ বাবে কেৱল পৌৰসভা অথবা চৰকাৰৰ ওপৰতে দায়িত্ব এৰি দিলে নহ’ব । তাৰ বাবে নাগৰিকো সজাগ সচেতন হৈ সামাজিক দায়িত্ব পালন কৰিব লাগিব । সকলোৰে উমৈহতীয়া প্ৰচেষ্টাতহে এনে কাৰ্য সম্ভৱ বুলি উল্লেখ কৰে মন্ত্রী সিংহলে ৷ তেওঁ আৰু কয় যে, ইয়াৰ অন্যথা অসমৰ প্ৰাকৃতিক সৌন্দর্য নোহোৱা হৈ পৰিব (Minister Ashok Singhal in Lakhimpur)।

লগতে পঢ়ক: Car stunt viral video of Dhemaji: কাৰ ষ্টাণ্ট কৰি ভাইৰেল হোৱা 9 কিশোৰক গ্ৰেপ্তাৰ ধেমাজি আৰক্ষীৰ

উল্লেখ্য লখিমপুৰত উপস্থিত হৈ নগৰৰ মাজমজিয়াত থকা ডাম্পিং গ্ৰাউণ্ডত মন্ত্ৰীগৰাকীয়ে জাবৰ নিষ্কাশন ব্যৱস্থাৰ ওপৰত বক্তব্য প্ৰদান কৰে । এই সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা, জিলা উপায়ুক্ত সুমিত সত্তাৱন, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা লগতে পৌৰসভাৰ পৌৰপতি নিবেদিতা দত্ত, উপ পৌৰপতি প্ৰাঞ্জল কোৱঁৰকে আদি কৰি বহুকেইজন ব্যক্তিয়ে । পৰৱৰ্তী মন্ত্রীগৰাকীয়ে লখিমপুৰৰ বিহু নাচ কৰ্মশালাও পৰিদৰ্শন কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.