গুৱাহাটী, ২৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোকৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ । তিনিদিনৰ বাবে আবদ্ধ লোকসকল যাব পাৰিব নিজৰ গন্তব্য স্থানলৈ। জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে যাব পাৰিব লোকসকল । ইতিমধ্যেই অনলাইন পাছৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে তিনিটাকৈ হোৱাটছ্ এপ নম্বৰ। 8638112297, 7002546684, 6901462595 নম্বৰত নিজৰ তথ্য হোৱাটছ্ এপ যোগে প্ৰেৰণ কৰিলে অনলাইন পাছ দিব প্ৰশাসনে ।
তাৰোপৰি kamrupmetro.assam.gov.in আৰু kamrupmetro.in ত অনলাইনযোগে এপ্লাই কৰিব পাৰিব অনলাইন পাছৰ বাবে। ইফালে বৰ্তমানলৈ প্ৰায় ৬ হাজাৰ লোকে অনলাইন যোগে অনুমতি পত্ৰৰ বাবে আবেদন কৰিছে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে । ইফালে এই নম্বৰকেইটাত কেৱল হোৱাটছ্ এপযোগেহে আবেদন জনাবলৈ আহ্বান জনাই অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।
লগতে চাওকঃ লক ডাউনে কেনেকুৱা প্ৰভাৱ পেলাইছে বস্ত্ৰনগৰী শুৱালকুছিত ?