ETV Bharat / state

Assam flood Situation: ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু - বান পৰিস্থিতি

মঙলবাৰে পুনৰ ৰাজ্যত বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ৷ ইফালে বানত আক্ৰান্ত হৈছে 6865 গৰাকী লোক ৷

Assam flood Situation
ৰাজ্যত পুনৰ বানত এজনৰ মৃত্যু
author img

By

Published : Aug 8, 2023, 8:17 PM IST

নিউজ ডেস্ক, 8 আগষ্ট: ৰাজ্যত বৰ্তমান বান পৰিস্থিতি সুস্থিৰ যদিও ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে বানৰ সংহাৰ ৷ শিৱসাগত দিখৌ আৰু নিমাতীঘাটত ব্ৰহ্মপুৰ পানী বিপদসীমাৰ ওপৰত বৈছে ৷ ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, শিৱসাগৰ জিলাৰ 8 টা ৰাজহ চক্ৰৰ 31 খন গাঁও সম্প্ৰতি বানৰ কৱলত আছে ৷ জিলাকেইখনৰ 6865 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ ক্ষতিগ্ৰস্ত হৈছে 166.73 হেক্টৰ কৃষিভূমি ৷

বানৰ ফলত মঙলবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে চলিত বৰ্ষত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা দৈনিক বান প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ৷ ইফালে বানাক্ৰান্ত অঞ্চলত থকা-খোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বন্যাক্ৰান্ত ৰাইজ । বন্যাৰ্তৰ সমান্তৰালকৈ বাসস্থান আৰু খাদ্য সংকটত ভুগিছে পশুধনসমূহে ।

বানাক্ৰান্তৰ সাহায্যাৰ্থে এই জিলাকেইখনত প্ৰশাসনৰ তৰফৰ পৰা আশ্ৰয় শিবিৰ আৰু সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য মতে, ধেমাজি জিলাত 2 টা আৰু ডিব্ৰুগড়ত 1 টা সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে ৷ একাংশ বন্যাক্ৰান্তই এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ বিপৰীতে বহু বন্যাক্ৰান্তই পৰিয়ালসহিতে পশুধনক লগত লৈ মথাউৰিকে ধৰি বিভিন্ন ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷

ইফালে ধুবুৰীৰ গোলোকগঞ্জ, পূব ডিব্ৰুগড় আৰু কামৰূপ (গ্ৰাম্য) জিলাৰ বকোত অব্যাহত আছে গৰাখহনীয়া ৷ ঠায়ে ঠায়ে দলং উটি যোৱাত যোগাযোগ ব্যৱস্থাও বিচ্ছিন্ন হৈ পৰিছে ৷

লগতে পঢ়ক: Brahmaputra action plan: ব্ৰহ্মপুত্ৰ এক্সন প্লেনৰ ঘোষণা ৭ বছৰে চৰকাৰী ফাইলতে আৱদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.