ETV Bharat / state

প্ৰতীক হাজেলাৰ বিৰুদ্ধে আকৌ এজাহাৰ: কোন এই প্ৰলয় শীল ? কোন সাংবাদিকে সংগ দিছিল হাজেলাক ?

author img

By

Published : Jun 16, 2022, 10:10 PM IST

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ নামত সংঘটিত হৈছিল এক বৃহৎ বিত্তীয় কেলেংকাৰী । প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আন কেতবোৰ গুৰুতৰ অভিযোগ তুলি আকৌ এজাহাৰ দাখিল কৰিছে বৰ্তমানৰ প্ৰকল্প সমন্বয়ক হিতেশ দেৱশৰ্মাই ।

প্ৰতীক হাজেলাৰ বিৰুদ্ধে আকৌ এজাহাৰ: কোন এই প্ৰলয় শীল ?

গুৱাহাটী, 16 জুন: আই এ এছ বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ দাখিল হৈছে এজাহাৰ (One more FIR against Pratik Hajela on NRC scam) । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক আৰু চিষ্টেম ইন্টিগ্ৰেটৰে উপ-ঠিকাদাৰৰ লগ লাগি দুৰ্নীতি (ধন সৰবৰাহ) কৰাৰ লগতে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যপক দূৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ তুলি আন এক এফ আই আৰ দাখিল কৰা হৈছে আই এ এছ বিষয়া হাজেলাৰ বিৰুদ্ধে (Huge money laundering in NRC process in Assam) । উল্লেখ্য যে পূৰ্বে দাখিল হোৱা আন এক এজাহাৰৰ পিছত বৰ্তমানৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই পুনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰাজ্যিক দুৰ্নীতি নিবাৰণ শাখাত ১৩ জুনত এই গোচৰ তৰিছে ।

দেৱশৰ্মাই দাবী কৰিছে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছিল । অভিযোগ অনুসৰি, এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াত চিষ্টেম ইন্টিগ্ৰেটৰক ডাটা এণ্ট্ৰি অপাৰেটৰ (ডি ই অ’) যোগান ধৰিবলৈ কোৱা হৈছিল । কিন্তু চিষ্টেম ইন্টিগ্ৰেটৰক চিষ্টেম ডিজাইন আৰু ডেভেলপমেণ্ট, চফটৱেৰ সমাধান, ডাটা চেণ্টাৰ পৰিচালনা আদিৰ সৈতে জড়িত কোনো কাম উপ-ঠিকাদাৰক দিয়াৰ অনুমতি দিয়া হোৱা নাছিল । পিছে কাৰ্যালয়ৰ নথিৰ পৰা দেখা গ’ল যে তেতিয়াৰ ৰাজ্যিক সমন্বয়কজনে এই বিষয়ে জানি শুনিও উপ-ঠিকাদাৰক দায়িত্ব দিছিল ।

সেয়া আছিল নীতি বিৰুদ্ধ কথা । তদুপৰি, চিষ্টেম ইন্টিগ্ৰেটৰজনক এন আৰ চি কৰ্তৃপক্ষই প্ৰতিজন ডি ই অ’ৰ বাবে প্ৰতিমাহে ১৪,৫০০ৰ পৰা ১৭,৫০০ টকাকৈ দিছিল । পিছে ডি ই অ’সকলে মাহে কেৱল ৫,৫০০ ৰ পৰা ৯,১০০ টকাহে পাইছিল । ডি ই অ’সকলক দেশৰ নূন্যতম মজুৰি আইন অনুসৰিও ধন দিয়া হোৱা নাছিল ।

তেওঁ লগতে উল্লেখ কৰে যে প্ৰাথমিক তদন্তৰ সময়ত পোহৰলৈ আহিছিল যে এজন প্ৰলয় শীল নামৰ লোকে প্ৰক্ৰিয়াটোত মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল । যদিও শীল ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী অথবা নিয়োজিত ঠিকাদাৰ নাছিল, কিন্তু কাৰ্যালয়ত তেওঁৰ উপস্থিতি সততে দেখা গৈছিল । সন্দেহ কৰা হৈছে যে শীল সকলো অবৈধ ধন সৰবৰাহৰ মূল ব্যক্তি আছিল । প্ৰাৰম্ভিক অনুসন্ধানত দেখা গৈছে অবৈধ পৰামৰ্শদাতাৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰায় দহ কোটি টকা খৰচ হৈছিল । নিয়ম অনুসৰি ৫ কোটিতকৈ অধিক ব্যয়ৰ বাবে তেতিয়াৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে নিৰ্ধাৰিত সমিতিৰ পৰা অনুমতি ল'ব লাগিছিল ।

কিন্তু হাজেলাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি নোলোৱাকৈ পৰামৰ্শদাতাসকলক নিয়োগ কৰিছিল । ইয়াৰ ফলত প্ৰায় দহ কোটিৰ পৰিহাৰযোগ্য খৰচ হৈছিল । অনুমান কৰা হৈছে, কেইজনমান সম্পাদক-সাংবাদিকেও ডি ই অ' যোগানৰ উপ-ঠিকা লৈছিল । সংবাদ মাধ্যমৰ তেনে ব্যক্তিয়ে তাৰ দ্বাৰা বহু ধন লাভ কৰিছিল । দেৱশৰ্মাৰ অভিযোগত ইয়াৰ পৰোক্ষ উল্লেখ আছে ।

আচলতে ডি ই অ’সকলে পাব লগা বুজন পৰিমাণৰ ধনৰ একাংশ টেলিভিছন এংকৰ-সাংবাদিকে হজম কৰিছিল । অসমৰ ৰাইজৰ নিশ্চয় মনত আছে, সেই সময়ত একাংশ টেলিভিছন সাংবাদিকে হাজেলাক চুপাৰমেন হিচাপে প্ৰক্ষেপ কৰিছিল । দেৱশৰ্মাই ইয়াৰ আগতে হাজেলাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছিল, য'ত তেওঁ প্ৰতাৰণাৰ জৰিয়তে সন্দেহযুক্ত নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা বুলি দাবী কৰিছিল ।

তেওঁ ইয়াক ৰাষ্ট্ৰবিৰোধী কাৰ্য বুলি অভিহিত কৰে । উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা পৰিপূৰক ( চূড়ান্ত নহয়) এন আৰ চি তালিকাৰ পৰা প্ৰয়োজনীয় নথি নোহোৱাৰ বাবে ১৯,০৬,৬৫৭ গৰাকী আবেদনকাৰীক বাদ দিয়া হৈছিল ।

লগতে পঢ়ক: প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.