গুৱাহাটী, ১৭ আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি এদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ বিশেষ অধিৱেশন (One day special session of Assam Assembly)। বিয়লি ৩ বজাত আৰম্ভ হোৱা এই বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ'ব।
স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছে । অসম বিধানসভাৰ পুৰণি সদনতে এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। চাৰি ঘণ্টীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিশেষ অধিৱেশনখনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰাৰ ব্যৱস্থা ৰখা হৈছে। তদুপৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিয়েও এই অধিৱেশনত স্থান লাভ কৰিব।
![One day special session of Assam Assembly in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-one-day-special-session-of-assam-assembly-7209925_17082022151022_1708f_1660729222_68.jpg)
দেশে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে । এবছৰ ধৰি উদযাপন হোৱা আজাদী কা অমৃত মহোৎসৱ তথা তিনিদিনীয়াকৈ অনুষ্ঠিত 'হৰ ঘৰ ত্ৰিৰংগা'(Har Ghar Tiranga) কাৰ্যসূচী সন্দৰ্ভতো অধিৱেশনত আলোচনা কৰা হ’ব। অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা কৰা হ’ব।
বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব। বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ সন্দৰ্ভতো অধিৱেশনত আলোচনা হ’ব।
লগতে পঢ়ক: জিলা চিকিৎসালয়ত Critical Care Block স্থাপনৰ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ