গুৱাহাটী, 10 নবেম্বৰ: দেওবাৰে পুৱা গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলৰ কোচ নম্বৰ A-2 ৰ 28 নম্বৰৰ চিটৰ তলৰ পৰা ভি মানি (34, চেন্নাই) নামৰ লোকজনৰ পৰা প্ৰায় এক কিল'গ্ৰাম ওজনৰ সোণৰ ছয়খন বিস্কুট জব্দ কৰে । জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য প্ৰায় 40 লাখ টকা । ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে উক্ত সোণৰ বিস্কুট কেইখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱা হৈছিল ।
শনিবাৰে পুৱাও গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ পৰা প্ৰায় 1 কোটি 20 লাখ টকাৰ প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ আঠখন সোণৰ বিস্কুটসহ চুনাই মগক (42 Chunai Mag) গ্ৰেপ্তাৰ কৰিছিল ।
ইয়াৰ পূৰ্বেও গুৱাহাটী ৰেল আৰক্ষীয়ে বহু নিচাযুক্ত সামগ্ৰী জব্দ কৰিছে । ইয়াৰ দ্বাৰাই প্ৰমান হৈছে যে বৰ্তমানেও গুৱাহাটী ৰেল ষ্টেচনত এইধৰণৰ অবৈধ সৰবৰাহ অব্যাহত আছে ।