ETV Bharat / state

এইবাৰ নামঘৰত on camera চুৰিৰ দৃশ্য বন্দি হৈ ৰ’ল

author img

By

Published : Sep 1, 2021, 9:53 PM IST

মহানগৰীৰ মঠঘৰীয়াস্থিত কৃষ্ণ নগৰ নামঘৰত দিন-দুপৰতে চোৰৰ লুটপাত । চোৰে লুটি লৈ গ’ল দান পাত্ৰৰ পৰা ১৫ হেজাৰ টকাসহ নামঘৰৰ কাঁহ পিতলৰ বাচন-বর্তন, চাকি । সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচি টিভি কেমেৰাত।

এইবাৰ নামঘৰত on camera চুৰিৰ দৃশ্য বন্দি হৈ ৰ’ল
এইবাৰ নামঘৰত on camera চুৰিৰ দৃশ্য বন্দি হৈ ৰ’ল

গুৱাহাটী,১ ছেপ্তেম্বৰ: নিশা নহয়, দিনৰ ভাগতো চোৰৰ তীক্ষ্ণ দৃষ্টি । বিনাদিধাই দিনতে চোৰে লুটিব পাৰে আপোনাৰ ঘৰৰ মূল্যবান এপদ এপদ সম্পদ । পিছে চোৰৰ এইবাৰ টাৰ্গেট ধর্মীয় অনুষ্ঠান । ক’ৰণা কালীন পৰিস্থিতিৰ মাজতে মহানগৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে একাধিক চুৰি কাণ্ডৰ ঘটনা । আনকি চোৰৰ কৱলৰ পৰা সাৰি যোৱা মন্দিৰ, মছজিদ, নামঘৰ আদিকে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহ ।

নিশাৰ কথা বাদেই আৰক্ষীৰ চকুত ধূলি দি এইবাৰ দিন দুপৰতে সংঘটিত কৰি আহিছে চুৰি কাণ্ড । এইবাৰ এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়া অঞ্চলত । জানিব পৰা মতে, বুধবাৰে দিন দুপৰতে মঠঘৰীয়াৰ কৃষ্ণ গোপাল নামঘৰত চোৰে লুটপাত কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে এইচুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে নামঘৰত থকা চিচিটিভি কেমেৰাত ।

লগতে পঢ়কঃ দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

কেমেৰাৰ সম্মুখতে মঠঘৰীয়াৰ কৃষ্ণ গোপাল নামঘৰত চোৰে লুটপাত চলোৱা কাৰ্যই স্বাভাৱিকতে হতচকিত কৰি তুলিছে সকলোকে । এই চুৰি হোৱা ঘটনা সন্দৰ্ভত নামঘৰ সমিতিৰ পৰা জানিব পৰা অনুসৰি, স্কুটিত উঠি অহা এজন যুৱকে প্ৰথমে নামঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী লণ্ড ভণ্ড কৰে । আনকি চোৰটোৱে মণিকূটৰ সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে নামঘৰত থকা ধৰ্মীয় গ্ৰন্থও দলিয়াই পেলায় ।

তাৰোপৰি মণিকূটত থকা দান পাত্ৰ ভাঙি নগদ ১৫ হাজাৰ টকা লুট কৰাৰ লগতে কাঁহ-পিতলৰ বাচন বৰ্তন আৰু চাকিও লুট কৰি নিয়ে । অকল এয়াই নহয়, চুৰি কাণ্ড সংঘটিত কৰি চোৰে নামঘৰ এৰাৰ পূৰ্বে নামঘৰৰ অতিথি শালাত চাহ বনাই খাই যায় ।

আজি দুপৰীয়াভাগত নামঘৰৰ চাফ চিকুণ কৰিবলৈ আহি এগৰাকী মহিলাই নামঘৰত চুৰি হোৱা ঘটনা পোহৰলৈ আহে ৷ তাৰপাছতে নামঘৰ পৰিচালনা সমিতিয়ে নুনমাটি আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰিয়েই ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়কঃএশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.