গুৱাহাটী,৬ ছেপ্টেম্বৰ: ঋণত ডুব গৈ থকা অসম চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এটাৰ পাছত আনটোকৈ কৰৰ বোজা জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত । মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে এইবাৰ অসম চৰকাৰে ৰাজ্যৰ পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ(proposal for increase property tax)বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
![Asset Reassessment in Municipal Area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-state-government-aims-to-increase-property-tax-in-municipal-areas-for-revenue-7209925_06092022190121_0609f_1662471081_240.jpeg)
ইয়াৰ বাবে ৰাজ্যৰ চহৰ আৰু নগৰ এলেকাত বসবাস কৰা প্ৰতিটো পৰিয়ালক নিজৰ নিজৰ সম্পত্তিৰ হিচাপ ১০ ছেপ্টেম্বৰৰ ভিতৰত পৌৰ নিগম বা পৌৰসভাৰ কাৰ্যালয়ত দাখিল কৰিবলৈ অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে(Govt ordered to submit property tax)। এই সন্দৰ্ভত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে(Notification of Housing and Urban Affairs)অলপতে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম চৰকাৰে ১৯৭৯ চনতে ৰাজ্যৰ পৌৰ এলেকাত বসবাস কৰা লোকৰ সম্পত্তিৰ হিচাপ কৰিছিল আৰু তেনে হিচাপৰ আধাৰতে পৌৰসভাসমূহে নাগৰিকৰ পৰা পৌৰ কৰ আদায় লৈ আহিছে । যিহেতু চৰকাৰৰ ৰাজহ বিভাগে পৌৰ এলেকাৰ ভূমিৰ মূল্যবৃদ্ধি কৰিছে আৰু পঞ্চদশ বিত্ত আয়োগেও শেহতীয়া পাঁচ বছৰত ৰাজ্যৰ ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ গড় বৃদ্ধিৰ হাৰতকৈ সম্পত্তি কৰ সংগ্ৰহৰ পৰিমাণ অলপ হ'লেও বঢ়াবলৈ পৰামৰ্শ আগবঢ়াইছে । সেয়ে ৰাজ্য চৰকাৰে পৌৰ এলেকাৰ নাগৰিকৰ পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে অধিসূচনাখনত উল্লেখ কৰা মতে, ৰাজ্য চৰকাৰে পৌৰ নিগম আৰু পৌৰসভাসমূহৰ সংস্কাৰ তথা উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশস্বৰূপে ১৯৫৬ চনৰ অসম পৌৰ আইন(Assam Municipal Act) অনুচ্ছেদ ৭৯ (ক), (খ), (গ), (ঘ) আৰু (ঙ) অনুসৰি ৰাজ্যৰ পৌৰ এলেকাৰ অন্তৰ্গত বিভিন্ন শ্রেণীৰ সম্পত্তি তথা হল্ডিংসমূহৰ কৰৰ পুনৰ মূল্যায়ন কৰিবলৈ সম্পত্তিৰ গৰাকীৰ জৰিয়তে স্ব-মূল্যায়ন পদ্ধতিৰে বাৰ্ষিক প্ৰাপ্য ভাড়া নিৰ্ধাৰণ কৰা হ'ব । এই পদ্ধতিত একক প্রাপ্য নিয়ম প্রযোজ্য কৰা হ'ব ।
![Asset Reassessment in Municipal Area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-state-government-aims-to-increase-property-tax-in-municipal-areas-for-revenue-7209925_06092022190121_0609f_1662471081_557.jpeg)
সেইমৰ্মে ৰাজ্যৰ প্ৰতিখন চহৰ,নগৰৰ পথসমূহৰ শ্ৰেণী বিভাজন প্রক্রিয়া ইতিমধ্যে সম্পূৰ্ণ কৰি অধিসূচনা জাৰি কৰা হৈছে । সেয়ে ১০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যৰ পৌৰ এলেকাৰ সম্পত্তি তথা হল্ডিংসমূহৰ গৰাকীয়ে নিজৰ নিজৰ সম্পত্তিৰ স্বঘোষিত হিচাপ নির্দিষ্ট প্ৰ-পত্ৰত উল্লেখ কৰি পৌৰ কাৰ্যালয়ত অথবা ম'বাইল এপযোগে দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে । ৰাইজৰ সুবিধার্থে এই প্ৰ-পত্ৰ পৌৰ কাৰ্যালয়ত উপলব্ধ কৰি ৰখা হৈছে বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে ।
তদুপৰি উক্ত সময়ৰ ভিতৰত নিজৰ নিজৰ সম্পত্তিৰ স্ব-মূল্যাংকন নকৰা কৰদাতাসকলৰ ওপৰত ১৯৫৬ চনৰ অসম পৌৰ আইন অনুচ্ছেদ ৭৮ অনুসৰি পৌৰ নিগম তথা পৌৰসভাই জৰিমনা বিহিব বুলিও কোৱা হৈছে । উক্ত অধিসূচনাখনত উল্লেখ কৰা মতে,পৌৰ এলেকাৰ সম্পত্তিৰ গৰাকীয়ে ১০ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰাৰ পিচত ৱাৰ্ড ভিত্তিত ১০ ছেপ্টেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত প্ৰতিগৰাকী লোকৰ সম্পত্তিৰ পুনৰ মূল্যায়ন কৰা হ'ব । ইয়াৰ বাবে ৱাৰ্ডভিত্তিত একোটাকৈ দল গঠন কৰি দিয়া হৈছে ।
ইপিনে,অহা ২০ নৱেম্বৰত ৱাৰ্ড ভিত্তিত সম্পত্তিৰ এক খচৰা তালিকা প্রকাশ কৰা হ'ব । সম্পত্তিৰ খচৰা তালিকা প্রকাশ পোৱাৰ পিচত কিবা ওজৰ-আপত্তি থাকিলে নাগৰিকে নিজ নিজ ৱাৰ্ডত দাখিল কৰিব পাৰিব । ২০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰা হ'ব আৰু ৩১ ডিচেম্বৰত ৱাৰ্ডভিত্তিত প্ৰতিটো পৰিয়ালৰ সম্পত্তিৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব ।
গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এক শীর্ষ সূত্রই সদৰি কৰা মতে,ৰাজ্য চৰকাৰে ২০২৩ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা পৌৰ এলেকাৰ নাগৰিকৰ সম্পত্তি কৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । বিভাগীয় অধিসূচনা অনুসৰি পৌৰ এলেকাৰ প্রতিজন লোকে নিজে বসবাস কৰা মাটিৰ পৰিমাণ,মাটিৰ মূল্য,আৰ চি চি ঘৰ নে অসম আৰ্হিৰ ঘৰ,ঘৰৰ মূল্য,অন্যান্য আচবাব,গাড়ী, মটৰ গেৰেজৰ ২৫ শতাংশ,ঘৰৰ সম্পূৰ্ণ বাৰাণ্ডাৰ এশ শতাংশ,পাকঘৰ আৰু ভঁৰালঘৰৰ ৫০ শতাংশৰ মূল্যৰ হিচাপ দাখিল কৰিব লাগিব । যাৰ ওপৰত ভিত্তি কৰি দিব লাগিব সম্পত্তি কৰ ।
উল্লেখ্য় যে ঋণৰ ওপৰত ঋণ লৈ চলি থকা চৰকাৰখনে সৰ্বসাধাৰণ লোকক মূল্যবৃদ্ধিৰ বোজাৰ পৰা সকাহ দিয়াৰ বিপৰীতে কৰৰ আৰু অধিক বোজা জাপি দিব বিচাৰিছে । এক লাখ কোটি টকাৰো অধিক ঋণ লোৱা চৰকাৰখনে এতিয়া ৰাজহ সংগ্ৰহৰ বাবে এনেদৰে পৌৰ এলেকাত সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।