গুৱাহাটী, ১৮ আগষ্ট : এগৰাকী চিৰ জাগ্ৰত অসমীয়া, বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক দেৱেন দত্ত আৰু নাই । আকস্মিকভাৱে গুচি গ’ল জাতি আৰু ভাষাটোৰ বাবে জীৱনজুৰি মাত মাতি অহা মানুহজন । যোৱা নিশা ১২:১০ বজাত (বৃহস্পতিবাৰে) দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সক্ৰিয় ৰাজহুৱা কৰ্মী আৰু কটন কলেজৰ ভূতপূৰ্ব উপাধ্যক্ষ তথা ইংৰাজী বিষয়ৰ অধ্যাপক দেৱেন দত্তৰ ।
গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হাস্পতালত যোৱা নিশা তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷ যোৱা ১১ আগষ্টৰ পৰা তেখেতে চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ এই সম্পৰ্কত মৃত্যুৰ আগলৈকে তেখেতৰ স্বাস্থ্যৰ অৱনতিৰ সম্পৰ্কে কোনো খবৰেই প্ৰচাৰিত হোৱা নাছিল । যোৱা নিশা অৰ্থাৎ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই ৷
ঐতিহ্যমণ্ডিত কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সকলোকে সঁচাকৈ মৰ্মাহত কৰিছে ৷ তেখেতে বিদ্যায়তনিক দিশৰ উপৰিও অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদায়েই দৃঢ়তাৰে মাত মাতি আহিছিল অধ্যাপক দত্তই ৷
এজন স্বাভিমানী অসমীয়া যিয়ে গ্ৰাহক সুৰক্ষা মঞ্চৰ জৰিয়তে গ্ৰাহক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যত নতুন সজাগতা প্ৰধান ব্যক্তি আছিল দেৱেন দত্ত । বাছ ভাড়াৰ পৰা নদীবান্ধ বিৰোধী আন্দোলনলৈকে জলন্ত ৰাজহুৱা বিষয়ত সদায়েই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনসচেতনতা সৃষ্টি আৰু কৰ্তৃপক্ষক সজাগ কৰি আহিছিল অধ্যাপক দেৱেন দত্তই । অসমীয়া ভাষাৰ গৰিমা আৰু মহত্বক সদায়েই আগস্থান দি অহা দেৱেন দত্তৰ বিয়োগত জাতিয়ে হেৰুৱালে এজন ব্যক্তি ৷
কিছুবছৰ পূৰ্বে তেখেতৰ সহধৰ্মিনী দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰৰ বাতৰি পৰিৱেশক অৰুন্ধতী দত্তয়ো এক জটিল ৰোগত আক্ৰান্ত হৈ ইহ সংসাৰ ত্যাগ কৰাত তেখেত প্ৰায় অকলশৰীয়া হৈ পৰিছিল । মাজতে তেখেতে তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক মতাদৰ্শ গ্ৰহণ কৰি নিৰ্বাচনতো অংশগ্ৰহণ কৰিছিল । সততাৰ ৰাজনীতি কি সেই সময়ত তেখেতে গুৰু গম্ভীৰ ভাষণেৰে সকলোকে অৱগত কৰিছিল ।
লগতে পঢ়ক : Couple returns to India to do farming: আমেৰিকাত সপোনৰ চাকৰি এৰি ভাৰতত খেতি কৰিবলৈ আহিল এটি দম্পতী