ETV Bharat / state

বন্যহস্তীৰ সুৰক্ষাৰ বাবে বিশেষ প্ৰয়াসঃ সন্মানিত উত্তৰ-পূব সীমান্ত ৰে'লৱে - মৌ মাখি

প্লেন ‘বি’ লৈ প্ৰথম পুৰস্কাৰ ৷ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৷ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা ৷

প্লেন ‘বি’ লৈ প্ৰথম পুৰস্কাৰ
author img

By

Published : Jul 10, 2019, 7:58 PM IST


উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা ৷ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

প্লেন ‘বি’ লৈ প্ৰথম পুৰস্কাৰ


উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ বিশেষ সফলতা ৷ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৷ ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

প্লেন ‘বি’ লৈ প্ৰথম পুৰস্কাৰ
Intro:উত্তৰ পূব সীমান্ত ৰেল বিভাগে ২০১৭-১৮ বৰ্ষত ১০১৪টা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰি পুৰস্কৃত হৈছে। উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ প্লেন 'বি' উদ্ভাৱনে ৰক্ষা কৰিবলৈ সক্ষম হৈছে বনৰীয়া হাতীৰ প্ৰাণ।

Body:বিভিন্ন সময়ত বনাঞ্চলক চুই যোৱা ৰেলপথ সমূত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই ৰেল বিভাগক চিন্তিত কৰি ৰখাৰ মাজতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ পূব সীমান্ত ৰেল বিভাগে ২০১৬-১৭ চনত উদ্ভাৱন কৰিছিল প্লেন 'বি'। উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এই প্লেন 'বি'য়ে এহেজাৰতকৈও অধিক হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাত উত্তৰ পূব সীমান্ত ৰেল বিভাগ সমগ্ৰ দেশতে নতুন উদ্ভাৱন ক্ষেত্ৰত প্ৰথম স্থান দখল কৰি পুৰস্কৃত হৈছে। প্লেন 'বি' উদ্ভাৱন কৰি উত্তৰ পূব সীমান্ত ৰেল বিভাগে প্ৰথম স্থান দখল কৰি ৰেল বিভাগৰ পৰা তিনি লাখ টকাৰ পুৰস্কাৰ লাভ কৰিছে।

বাইট ১: প্ৰাণৱজ্যোতি শৰ্ম্মা, মুখ্য জনসম্পৰ্ক বিষয়া, উত্তৰ পূব সীমান্ত ৰেল বিভাগ

প্লেন ‘বি’ হৈছে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এক নতুন উদ্ভাৱন যাৰ প্ৰয়োগ কৰি ৰেল বিভাগে সফলতা লাভ কৰিছে বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰাত। প্লেন ‘বি'(মৌমাখি)ৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰেল বিভাগে সফলতা লাভ কৰিছে বনৰীয়া হাতীক ৰেল লাইনৰ পৰা আঁতৰাবলৈ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে বিভিন্ন সময়ত ৰেল লাইন পাৰ কৰিবলৈ লওঁতে ৰেলৰ খুন্দাত বনৰীয়া হাতীক মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিবলৈ উত্তৰ পূৱ ৰেলৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত তিনি ঠাইত এই ব্যৱস্থা পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান ৪৬টাকৈ অঞ্চলত উত্তৰ পূব সীমান্ত ৰেল বিভাগে এই ব্যৱস্থাৰ প্ৰয়োগ কৰিছে। এই ব্যবস্থাৰ প্ৰয়োগেৰে ৰেল বিভাগে সফলতাৰে ৰেলৰ খুন্দাৰ পৰা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

বাইট ২: প্ৰাণৱজ্যোতি শৰ্ম্মা, মুখ্য জনসম্পৰ্ক বিষয়া, উত্তৰ পূব সীমান্ত ৰেল বিভাগ

প্লেন ‘বি’ৰ মাধ্যমেৰে মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰত ৰেলপথৰ পৰা বনৰীয়া হাতীৰ জাকক আঁতৰাবলৈ সক্ষম হৈছে ৰেল বিভাগ। ২০১৩ চনৰ পৰা ২০১৯ চনলৈ ৰেলৰ খুন্দাত ৬৭টা বনৰীয়া হাতীৰ মৃত্যু হৈছে যদিও উত্তৰ পূব সীমান্তৰ ৰেল বিভাগৰ প্লেন 'বি'য়ে ২০১৭-২০১৮ বৰ্ষত ৰেলৰ খুন্দাৰ পৰা ১০১৪টা হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাটো নিশ্চিতকৈ এক সুখবৰ।

বাইট ৩: প্ৰাণৱজ্যোতি শৰ্ম্মা, মুখ্য জনসম্পৰ্ক বিষয়া, উত্তৰ পূব সীমান্ত ৰেল বিভাগ

Conclusion:মহানগৰীৰ সমীপৱৰ্তী দ্বীপৰ বিল বনৰীয়া হাতীৰ বিচৰণ স্থলী আৰু দ্বীপৰ বিলৰ মাজেৰে পাৰ হৈ যোৱা উত্তৰ পূব সীমান্তৰ ৰেল বিভাগৰ ৰেল লাইনত বিভিন্ন সময়ত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হৈছিল। দ্বীপৰ বিলত থকা ৰেল গেটত সংযোগ কৰিছে মৌমাখিৰ গুঞ্জন সৃষ্টি কৰিব পৰা এক যন্ত্ৰ সংযোগ কৰি ৰেল বিভাগে বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমান ৰেল বিভাগে এই অঞ্চলত দ্বৈত ৰেল লাইন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াক লৈ প্ৰকৃতি প্ৰেমী সকলে আপত্তি দৰখাই আছে। ৰেল বিভাগৰ প্লেন 'বি'ৰ সফলতাই প্ৰকৃতি প্ৰেমী সকলৰ মাজত কেনে প্ৰভাৱ পেলাই ই হ'ব এক লক্ষণীয় বিষয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.