ৰঙিয়া, 1 মাৰ্চ : ৰঙিয়া মহাবিদ্যালয়ত ন’বেল বঁটা বিজয়ী বাংলাদেশৰ মহম্মদ ইউনুছ (Nobel Peace prize for 2006)। হীৰাৰ টুকুৰাৰ সৈতে তুলনা কৰি উৎসাহিত কৰিলে তৰুণ সমাজক । ন’বেল বঁটা বিজয়ী তথা বাংলাদেশৰ বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছ মঙলবাৰে উপস্থিত হয় ৰঙিয়া মহবিদ্যালয়ত (Nobel Peace prize Muhammad Yunus at Rangia) । দিনৰ ১০.৩০ বজাত ন’বেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদগৰাকী মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিচতে ছাত্ৰ-ছাত্ৰীসকলে অভিনন্দন জনাই আদৰি আনে ।
নবেল বঁটাপ্ৰাপ্ত বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনিছে মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল সভাখনত অংশগ্ৰহণ কৰি নৱ প্ৰজন্মক উৎসাহিত কৰে । ন’বেল বঁটা বিজয়ীগৰাকীয়ে ভাষণত বৰ্তমান সময়ৰ নৱ প্ৰজন্মক হীৰাৰ টুকুৰাৰ লগত তুলনা কৰি কয় যে নৱ প্ৰজন্ম ইমানে মূল্যবান যে তেওঁলোকে সমাজৰ লগতে এখন দেশৰ সকলো দিশতে পৰিবৰ্তন আনিব পাৰে । তদুপৰি ৰাজ্যৰ যুৱ সমাজক বিশ্বৰ নাগৰিক হোৱাৰ আহ্বান জনাই তেঁওলোকৰ চিন্তাধাৰা স্থানীয়ভাৱে সীমাবদ্ধ নাৰাখি সমগ্ৰ বিশ্বৰ বাবে চিন্তা কৰা দৰকাৰ বুলি উল্লেখ কৰে ৷ সমগ্ৰ বিশ্বই যুৱ সমাজক আশাৰে অপেক্ষা কৰি আছে বুলি মহম্মদ ইউনুছে কয় ।
সঠিক শিক্ষা ব্যৱস্থাৰ মাজেৰে তৰুণ শ্ৰেণীক উন্নত মানৱ হিচাপে গঢ়ি তুলিব লাগিব ৷ চেপি চেপি ৰস উলিওৱাৰ দৰেই যুৱ চামৰ পৰা ৰস উলিয়াই সমগ্ৰ বিশ্বৰে কামত অহাকৈ তৈয়াৰ কৰিব লাগিব ৷ তেতিয়াহে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাটো সুস্থিৰ হ’ব বুলি আশাব্যঞ্জক মন্তব্য আগবঢ়াই অৰ্থনীতিবিদ গৰাকীয়ে ৷ বিশেষকৈ অৰ্থনৈতিক ব্যৱস্থাটো উন্নত কৰিব বিচাৰিলে শিক্ষা ব্যৱস্থাৰ মাজেৰে সকলোৱে অগ্ৰসৰ হ’ব লাগিব তথা উদ্যোগমুখী হ’ব লাগিব বুলি উল্লেখ কৰি চাকৰি আমাৰ মুল উদ্দেশ্য হোৱটো অনুচিত বুলি উল্লেখ কৰে ৷ অৰ্থনৈতিক ব্যৱস্থা উন্নীতকৰণ সন্দৰ্ভত মন্তব্য আগবঢ়াই শিক্ষা ব্যৱস্থাৰ মাজেৰে ঔদ্যোগিক ক্ষেত্ৰখনৰ কথা চিন্তা কৰাৰ পোষকতা কৰে অৰ্থনীতিবিদ গৰাকীয়ে । এনে কৰিলে আমাৰ গ্ৰামীণ অৰ্থনৈতিক ব্যৱস্থাটো উন্নত হ’ব বুলি কয় বিশিষ্ট ব্যক্তি গৰাকীয়ে (Nobel Prize Winner Muhammad Yunus on economy)।
ইফালে বাংলাদেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদান যথেষ্ট বুলি উল্লেখ কৰি অৰ্থনীতিবিদ তথা উদ্যোগী মহম্মদ ইউনুছে কয় যে গ্ৰামীণ বেংকৰ জৰিয়তে মহিলা আৰু যুৱ চামক বিভিন্ন দিশত স্বাৱলম্বী কৰাৰ ফলস্বৰূপে বৰ্তমান সময়ত বাংলাদেশত উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত দ্বিতীয় দেশ হিচাপে চিহ্নিত হৈছে বুলি গৌৰৱেৰে উল্লেখ কৰে । বাংলাদেশৰ চুবুৰীয়া দেশ হিচাপে ভাৰতলৈ আহি বৰ আনন্দিত হোৱা বুলি উল্লেখ কৰে অৰ্থনীতিবিদগৰাকীয়ে (Muhammad Yunus special emphasis on industrialization) ৷
ইফালে উক্ত সভাখনত ৰঙিয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিটিৰ সভাপতি ভৱেন্দ্ৰ নাথ ডেকা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়া, বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷
লগতে পঢ়ক : Hearing on power tariff hike: বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত শুনানি