ETV Bharat / state

COVID-19ৰ সংক্ৰমণঃ কিমান সুৰক্ষিত ৰাজ্যৰ ATM সমূহ ! - bank authority

এটিএম সমূহত কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে নাই কোনো ব্যৱস্থা । প্ৰতিদিনে হাজাৰ-হাজাৰ লোক ধন উলিয়াবলৈ অহা এটিএম সমূহত হেণ্ড ছেনিটাইজাৰ আৰু অন্যান্য কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ ।

no corona safety in the ATM
no corona safety in the ATM
author img

By

Published : May 13, 2020, 3:06 PM IST

গুৱাহাটী, 13 মে' : সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বর্তমানলৈকে মানৱ জাতিৰ হাতত নাই কোনো ধৰণৰ উপযুক্ত চিকিৎসা। সজাগতা আৰু সচেতনতাই হৈছে মাৰাত্মক কৰ'ণা ভাইৰাছক মানৱ দেহৰ পৰা আঁতৰাই ৰখাৰ একমাত্ৰ উপায়। চৰকাৰেও কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক সজাগ কৰি তুলিবলৈ কোটি-কোটি টকা বিজ্ঞাপনৰ নামত খৰচ কৰি আছে । মাস্ক পৰিধান কৰি ৰাইজক ওলাই আহিবলৈ, সামাজিক দূৰত্ব মানি চলিবলৈ, সকলো সময়ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

এটিএম সমূহত নাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোনো ব্যৱস্থা !

ইয়াৰ মাজতো কিন্তু কিছুমান দিশ চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ এটিএম সমূহৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । মহানগৰীৰ বিভিন্ন অঞ্চলত থকা এটিএম সমূহলৈ গ'লেই দেখিবলৈ পোৱা যায় সুৰক্ষা ব্যৱস্থাৰ অভাৱ ৷ এটিএম সমূহত এজনৰ পিচত আনজন ব্যক্তি প্ৰৱেশ কৰি আছে, এজনে স্পর্শ কৰা এটিএম মেচিন হেণ্ড ছেনিটাইজ অথবা এটিএম মেচিনটো ছেনিটাইজ নকৰাকৈ আকৌ আনজনে স্পৰ্শ কৰি আছে ।

ৰাইজ এই ক্ষেত্ৰত সজাগ যদিও সজাগ নহয় বেংক কৰ্তৃপক্ষ । এটিএম সেৱাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰা বেংক সমূহত ৰাইজৰ বাবে অন্তত হেণ্ড ছেনিটাইজাৰ এটাকৈ ৰাখিবলৈ সক্ষম নহয় কৰ্তৃপক্ষ ৷ ৰাইজ উপায়হীন, ধন উলিয়াবলৈ এটিএম সমূহলৈ আহিবই লাগিব। এটিএম সমূহত হেণ্ড ছেনিটাইজাৰৰ ব্যবস্থা কৰিবলৈ বেংক কৰ্তৃপক্ষক অনুৰোধ ৰাইজৰ ৷

এতিয়া প্ৰশ্ন হ'ল মাস্ক পৰিধান নকৰিলে ৰাইজৰ পৰা জৰিমনা লোৱা, দোকানী সকলক মাস্ক পৰিধান কৰাৰ লগতে গ্ৰাহকৰ বাবে হেণ্ড ছেনিটাইজ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা চৰকাৰে বেংক সমূহক ৰাইজৰ বাবে এটিএমত হেণ্ড ছেনিটাইজ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিব নে ৷

লগতে পঢ়ক : বৰপেটাত মন্ত্ৰী নৱ কুমাৰ দলেৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.