ETV Bharat / state

Nilmani Phookan Closed letter: ৩১ জানুৱাৰীৰ পিচতহে খোল খাব কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

৩১ জানুৱাৰীৰ পিছতহে খোল খাব ১৯ বছৰৰ পূৰ্বে লিখি থৈ যোৱা বন্ধ খামৰ বিশেষ চিঠিখন ৷ পৰিয়ালবৰ্গই এখন চিঠিৰে জনালে এই বিশেষ আহ্বান (Nilmani Phookan Closed letter )৷

Nilmani Phookan Closed letter
কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি
author img

By

Published : Jan 23, 2023, 2:24 PM IST

Updated : Jan 23, 2023, 4:30 PM IST

গুৱাহাটী, ২৩ জানু্ৱাৰী: ঋষি কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখনক লৈ ৰাজ্যজোৰা চৰ্চা অব্যাহত আছে ৷ ৩১ জানুৱাৰীৰ পিছতহে খোল খাব সদ্য প্ৰয়াত কাব্যঋষি নীলমণি ফুকনৰ ১৯ বছৰৰ পূৰ্বে লিখি থৈ যোৱা বন্ধ খামৰ বিশেষ চিঠিখন ৷ চিঠিখন ৰাজহুৱাভাৱে খুলিবৰ বাবে আয়োজন কৰা বুধবাৰৰ সংবাদমেল বাতিল কৰিলে প্ৰবীণ সাংবাদিক নিত্য বৰাই । কাব্যসাধক নীলমণি ফুকনৰ পৰিয়ালৰ অনুৰোধ মৰ্মে ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কবিৰ শ্ৰাদ্ধৰ পিছতহে বন্ধ খামৰ চিঠিখন খোলা হ’ব (Nilmani Phookan Closed letter)।

Nilmani Phookan Closed letter
কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

বুধবাৰে, অৰ্থাৎ কাইলৈ গুৱাহাটীত সংবাদমেল পাতি কবি নীলমণি ফুকনৰ বন্ধখামৰ চিঠিখন মুকলি কৰাৰ কথা আছিল প্ৰবীণ সাংবাদিক নিত্য বৰাই ৷ চিঠিখনক লৈ ৰাজ্যজুৰি সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে ৷ কিয়নো এই চিঠিখনতে লিপিৱদ্ধ হৈ আছে ৬০/৭০ দশকত কবিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ কবিক নিঃশেষ কৰাৰ অপচেষ্টাৰ বিষয়ে কবিৰ নিজা বক্তব্য তথা জ্ঞানপীঠ বিজয়ী কবিজনৰ প্ৰতিক্ৰিয়া ৷ চিঠিখন কবিগৰাকীয়ে সন্তৰ্পণে অৰ্পণ কৰি গৈছিল সাংবাদিক নিত্য বৰাৰ হাতত ।

১৯ বছৰৰ পূৰ্বে লিখা চিঠিখন কবিয়ে তেওঁৰ মৃত্যুৰ পিছতহে খুলিবলৈ অনুৰোধ জনাই গৈছিল সাংবাদিকগৰাকীক ৷ সেই অনুসৰিয়ে কবিৰ মৃত্যুৰ পিছতে বন্ধ খামৰ ভিতৰত থকা কবিৰ চিঠিখন অহা বুধবাৰে মুকলি কৰাৰ দিহা কৰা হৈছিল ৷ কিন্তু আদ্যশ্ৰাদ্ধৰ পূৰ্বে চিঠিখন মুকলি নকৰিবলৈ অনুৰোধ জনাইছে কবিৰ পৰিয়ালে ৷ পৰিয়ালৰ হৈ কবি পত্নী দুলুমণি ফুকনে আজি এখন পত্ৰযোগে এই অনুৰোধ জনায় নিত্য বৰাক ৷

Nilmani Phookan Closed letter
কাব্যঋষিৰ পৰিয়ালে দিয়া চিঠিখন

চিঠিখনত কবি পত্নীয়ে অনুৰোধ জনাইছে— “আপুনি সংবাদ মাধ্যমৰ যোগেদি আমাৰ সদ্য প্ৰয়াত পিতৃৰ বন্ধ খামৰ চিঠিখনৰ তেখেতৰ আদ্য শ্ৰাদ্ধ অৰ্থাৎ ৩১ জানুৱাৰী (মঙলবাৰ); ২৩ তাৰিখৰ পিছত আপুনি ভবাৰ ধৰণে ব্যৱস্থা ল’বৰ বাবে বিনম্ৰ প্ৰাৰ্থনা জনালোঁ ৷ আপোনাৰ সঁহাৰিয়ে নিশ্চয় শোক সন্তপ্ত পৰিয়ালৰ শোক কিছু পৰিমাণে লাঘৱ কৰিব ৷”এই পত্ৰখন পোৱাৰ পিছত সাংবাদিক নিত্য বৰাই পত্ৰখন বুধবাৰে মুকলি নকৰাৰ সিদ্বান্ত গ্ৰহণ কৰি সংবাদমেল বাতিল কৰিছে (Nilmani Phookan Closed letter reveled on 31st January)৷

৩১ জানুৱাৰীৰ পিছতহে পত্ৰখন খোলাৰ ব্যৱস্থা কৰিব ৷ উল্লেখ্য যে, ষাঠি-সত্তৰ দশকত কবি নীলমণি ফুকনৰ কবিতা আন একাংশ সমকালীন কবিৰ বাবে জিঘাংসাৰ বলি হৈছিল । হয়তো সেই ঈৰ্ষাৰ বাবেই সেই সময়ৰ এজন জনপ্ৰিয় কবিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আন দুজন লোকৰ সৈতে এক ষড়যন্ত্ৰৰ জাল মেলিছিল । বন্ধ খামৰ চিঠিখন খোল খালেই হয়টো বহু মুখা খোল খাব আৰু ফাদিল হ'ব বহু সাঁথৰ তথা ৰহস্যৰ।

Nilmani Phookan Closed letter
জ্যেষ্ঠ সাংবাদিক নিত্য বৰাৰ হাতত আছে কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

লক্ষণীয়ভাৱে অপবাদৰ সেই সময়খিনি অতি কষ্টৰে পাৰ কৰিছিল স্বনামধন্য কবিগৰাকীয়ে । প্ৰকৃততে ঋষি কবিগৰাকীয়ে সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ ষড়যন্ত্র ৰচনা হৈছিল সেইসময়ত । এক ভয়াৱহ ব্লু-প্রিন্ট ৰচনা কৰা হৈছিল । য'ত এখন ইংৰাজী আলোচনীত বিশ্বৰ বিখ্যাত কেইজনমান কবিৰ কবিতাৰ লগতে নীলমণি ফুকনৰ বহুপঠিত আৰু জনপ্রিয় "টোপনিতো মোক তেওঁ মোক খেদি ফুৰিছিল " কবিতাটো ইংৰাজীলৈ ভাঙনি কৰি Leon Felipe Canmino Nightmare বুলি ছপোৱা হৈছিল ।

অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰি অস্তিত্বহীন স্পেনিছ কবিৰ নামত প্ৰচাৰ কৰি কবিতাৰ প্ৰকৃত স্ৰষ্টাকে চোৰ বনাই পেলোৱাৰ কুৎসিত অভিসন্ধি ৰচিত হৈছিল । এনে বহু কথাৰ ৰহস্য ফাদিল হ'ব চিঠিখনৰ জৰিয়তে । এতিয়া কাব্য সাধকগৰাকীৰ মৃত্যুৰ পাছত বিশিষ্ট সাংবাদিক নিত্য বৰাই নীলমণি ফুকনৰ বিশেষ চিঠিখন মুকলি কৰিলেই হয়তো উন্মোচিত হ’ব পাঁচটা দশকৰ আগৰ সেই ৰহস্যৰ ৷

লগতে পঢ়ক : National Theater Festival : অসম নাগালেণ্ড সীমান্তত সম্বন্বয়ৰ বাৰ্তা লৈ আৰম্ভ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ

Last Updated : Jan 23, 2023, 4:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.