গুৱাহাটী,28 জুলাই: মানুহ আৰু প্ৰকৃতিলৈ ভয়াৱহ সংকট কঢ়িয়াই অনা তিনিচুকীয়াৰ বাঘজানৰ জুইয়ে পোহৰ লৈ আনিছে অইল ইণ্ডিয়া লিমিটেডৰ অবৈধ তেল অভিযানৰ অন্ধকাৰ অধ্যায়। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ,চমূকৈ এন জি টিয়ে বাঘজানৰ জুইয়ে সৃষ্টি কৰা পৰিস্থিতিৰ অধ্যয়নৰ বাবে যোৱা 2 জুলাইত গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত প্ৰকাশিত হৈছে এনে অবৈধ অভিযানৰ কথা। শেহতীয়াকৈ যোৱা 24 জুলাইত দিনা ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী নেতৃত্বাধীন বিশেষজ্ঞ কমিটিয়ে এন জি টিত দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত স্পষ্ট ভাৱে উল্লেখ কৰা হৈছে যে অইলে বাঘজানত 2003 চনৰ পৰাই যি প্ৰাকৃতিক সম্পদ সংগ্ৰহৰ অভিযান চলাইছিল,তাৰ বিপৰীতে কোনো কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱা নাছিল।
'বাঘজান-5' তেল খননৰ পৰা নিৰ্গত জুইৰ ধোৱা উল্লেখ্য যে যোৱা 27 জুনত তিনিচুকীয়াৰ ডুমডুমা উন্নয়ন খন্ডত অন্তৰ্গত বাঘজানৰ
'বাঘজান-5' তেল খননৰ পৰা জুই নিৰ্গত হৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাত অইলৰ এই কাৰ্যৰ বিপৰীতে ন্যায় বিচাৰি বনানি কাক্কৰ (আই এ- 31/2020) এগৰাকী প্ৰকৃতি কৰ্মী আৰু ৱাইল্ড লাইট এণ্ড এনভায়ৰনমেন্টেল কনজাৰভেশ্যন অৰগেনাইজেশ্যন নামৰ সংগঠনটো ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ দ্বাৰস্থ হৈছিল। এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ন্যায়ালয়ৰ প্ৰধান বিচাৰপীঠে 2 জুলাই (2020)ত অবসৰী ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীক অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষক সদস্য সচিব হিচাপে লৈ পৰিস্থিতিৰ অধ্যয়নৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল। যোৱা 24 জুলাইত এন জি টিত দাখিল হোৱা এই অধ্যয়নৰ প্ৰাৰম্ভিক প্ৰতিবেদনত সকলো ধৰণৰ পৰিৱেশ সম্পৰ্কীয় আইন কানুন ভাঙি অইল কৰ্তৃপক্ষই কিদৰে বাঘজানৰ অৰণ্যত তেল আৰু গেছৰ অভিযান আৰম্ভ কৰিছিল তাক উদঙাই দিয়া হৈছে।
তৈল খাদৰ জুইয়ে ব্যাপক ক্ষতি কৰে অঞ্চলটোত 407 পৃষ্ঠাযোৰা এই দীঘলীয়া অথচ প্ৰাৰম্ভিক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে 2003 চনৰ পৰাই ডুমডুমা উন্নয়ন খণ্ড অন্তৰ্গত বাঘজানৰ কেন্দ্ৰ কৰি 20 বৰ্গ কিলোমিটাৰ অঞ্চলত অইল ইণ্ডিয়া কৰ্তৃপক্ষই তৈল অভিযান আৰম্ভ কৰে। সেয়া আছিল বাঘজান-এক অভিযান । তেতিয়াৰ পৰা বৰ্তমানলৈকে এই অঞ্চলত মুঠ 26টা তেল খাদ চিহ্নিত কৰা হৈছে। ইয়াৰ শেহতীয়াকৈ অগ্নিকাণ্ড সংঘটিত বাঘজান-পাঁচৰ দ' হ'ল 3869 মিটাৰৰ পৰা 3872.5 মিটাৰ। প্ৰতিবেদন মতে এই ড্ৰিলিঙৰ বাবে অইল কৰ্তৃপক্ষই কোনোধৰণৰ পৰিৱেশ কেন্দ্ৰীক নীতি নিৰ্দেশনা মানি চলা নাছিল। এই কাৰ্যই প্ৰথমতেই Water Actৰ 25 আৰু 26 দফা আৰু Air Actৰ 21নং দফা উলংঘা কৰিছে । এই কাৰ্যই একেসময়তে উলংঘা কৰিছে
Hazardious Waste (Management, Handling and Transboundary Movement) Rules 2016 ৰ ছয় নং দফা। কেবল সেয়ে নহয়,এই তেল অভিযানৰ আগতে অইল কৰ্তৃপক্ষই এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্টৰ প্ৰতিবেদনলৈ প্ৰসংগ অনাই নাছিল। এই খনন আৰম্ভ কৰাৰ আগতে অইল কৰ্তৃপক্ষই
Diversity Impact Assessment ৰ বাবে
Assam State Bio- Diversity Boardক অনুৰোধ জনাব লাগিছিল যদিও সেয়াও কৰা নাছিল। বিশেষজ্ঞ কমিটিক বোৰ্ডে এই কথা ইতিমধ্যে জনাইছে। এই ক্ষেত্ৰত অইলে Diversity Impact Assessment ৰ কাম
Institute of Advance Study in Science and Technology ৰ দ্বাৰা কৰোৱা বুলি জনাইছিল যদিও তেনে কোনো প্ৰতিবেদন অইল কৰ্তৃপক্ষই বিশেষজ্ঞ কমিটিক দাখিল কৰিব নোৱাৰিলে।
তেল খননৰ পৰা জুই নিৰ্গত হৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি আনহাতে অতি লক্ষনীয় কথাটো হ'ল,অইল কৰ্তৃপক্ষই বাঘজান-পাঁচৰ খনন অভিযান 2006 চনৰ 20 জুলাইতে আৰম্ভ কৰিছিল যদিও এই কামৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰালয়ৰ পৰা যাৱতীয় অনুমতি লাভ কৰিছিল 2011 চনৰ 1 নৱেম্বৰতহে। এনে ক্ষেত্ৰত এনভায়ৰনমেন্ট ইম্পেক্ট এছেছমেন্ট ৰেগুলেছন-1994 কিম্বা সামগ্ৰীকভাৱে এনভায়ৰনমেন্ট প্ৰটেক্টশ্বন এক্ট, 1986 হৈ পৰিছিল অৰ্থহীন। অৰ্থাৎ বাঘজানৰ তৈল অভিযানৰ ক্ষেত্ৰত পদে পদে আইন ভাঙিছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।
লগতে চাওকঃ জোনাইত মুৰ্কংচেলেকত আছুৰ উত্তাল প্ৰতিবাদ