ETV Bharat / state

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - NEWS@11

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ
11 বজাৰ 10 টা গুৰুত্বপূৰ্ণ
author img

By

Published : Jan 24, 2021, 11:01 AM IST

আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডৰ নিৰাপত্তা প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ শনিবাৰে গ্ৰীণফিল্ডত উপস্থিত হয় এডিজিপি এল আৰ বিঞ্চৈ ৷ একেদৰে নলবাৰী জিলাতো আৰক্ষী আৰু প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

জীৱন নাটৰ যৱনিকা পৰিল নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ

ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নাট্যকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই ৷ দেওবাৰে পুৱা 5:30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে নাট্যকাৰ গৰাকীৰ

অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত অনশনত বহিল ৰাইজৰ দল ৷ উল্লেখযোগ্য যে, দেওবাৰে নলবাৰীলৈ আহিব ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছে : শিখা শৰ্মা

জেৰেঙা পথাৰত লাখ লাখ টকা খৰচ কৰি সাজি উলিওৱা পেণ্ডেলৰ তলত মানুহ ভাড়া কৰি আনি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিছে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো উত্তাপ নাছিল ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জানুৱাৰী মাহৰ শীতক উত্তাপিত কৰিব নোৱাৰিলে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জেৰেঙা পথাৰৰ ঠেৰেঙা জাৰত বিজেপি সমৰ্থকৰ বুকুত উষ্ণতা আনিব নোৱাৰিলে বুলি কটাক্ষ কৰে দেশৰ প্ৰধান মন্ত্ৰীক লেখিকা শিখা শৰ্মাই ৷

আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

শনিবাৰে গুৱাহাটীত এক অভিৱৰ্তনৰ জৰিয়তে গঠন হ'ল আমছুৰ নতুন কেন্দ্ৰীয় সমিতি ৷ পূৰ্বৰ ৰেজাউল কৰিম চৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি ভংগ কৰি ইকবাল হুছেইনক আমছু সভাপতি হিচাপে নিৰ্বাচিত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷

বিগত 10 মাহে শয্যাশায়ী এজন দুৰ্ভগীয়া ব্যক্তিৰ কাহিনী

এটি দুৰ্ভগীয়া পৰিয়াল। লক ডাউনৰ সময়চোৱাত হোৱা এক পথ দুৰ্ঘটনাত থানা বান হৈ পৰিল পৰিয়ালটো । একমাত্ৰ উৰ্পাজন কৰা ব্যক্তিজন দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে এতিয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

জটিল ৰোগত আক্ৰান্ত কৃষ্ণাপ্ৰিয়াক প্ৰয়োজন কিঞ্চিৎ সহায়ৰ

বিগত চাৰি বছৰে চিকিৎসালয়ৰ বিচনাত দিন পাৰ কৰা মাজুলীৰ মেখেলী গাঁৱৰ যুৱতী কৃষ্ণাপ্ৰিয়া শইকীয়াক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ 2016 চনৰ পৰা দুৰাৰোগ‍্য ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱতী গৰাকী ৷

আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক ৷ 22 ফেব্ৰুৱাৰী পৰ্যন্ত এইমছতে চিকিৎসা চলিব আৰ জে ডিৰ অধ্যক্ষ গৰাকীৰ ৷

অহিংস গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'বলৈ সোণোৱাল চৰকাৰৰ সাহস নাই: সমুজ্বল কুমাৰ ভট্টাচাৰ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰতাৰক আখ্যা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ বিক্ষোভ প্ৰদৰ্শন ৷ 'কা' বাতিল আৰু অসম চুক্তি ৰূপায়নৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ হিংসাৰ বাবে চৰকাৰে প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰাৰ অভিযোগ ৷ দাবী মানি নোলোৱা পৰ্যন্ত অহিংস, গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৷

ধুবুৰীত বিজেপিৰ জন সম্পৰ্ক অভিযান

সমাগত বিধানসভা নিৰ্বাচনক লৈ গেৰুৱা বাহিনীৰ মাজত আৰম্ভ হৈছে কাউন্ট ডাউন । ধুবুৰীৰ ইছলাম নগৰত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা তথা গৌৰীপুৰ সমষ্টিৰ প্ৰভাৰী উত্তম কুমাৰ প্ৰসাদে । বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত এনে সভা অনুষ্ঠিত কৰি সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে উত্তম কুমাৰ প্ৰসাদে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.