ETV Bharat / state

Designated City Bus Station: মহানগৰীত ৬০টা স্থায়ী বাছ আস্থান নিৰ্ধাৰণ

গুৱাহাটীৰ ৬০ টা স্থানত নতুনকৈ নিৰ্ধাৰণ হব চিটি বাছ আস্থান (Newly designated city bus stations in Guwahati) । ইতিমধ্যে মহানগৰৰ ৬০ টা স্থানত বাছ আস্থানৰ স্থায়ী ফলক লগোৱাৰ বাবে প্ৰশাসন, পৰিবহণ বিভাগ, পৌৰ নিগম, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে ।

60-permanent-bus-stations-set-up-in-guwahati
মহানগৰীত ৬০টা স্থায়ী বাছ আস্থান নিৰ্ধাৰণ
author img

By

Published : Mar 2, 2022, 8:19 PM IST

গুৱাহাটী, 2 মাৰ্চ : কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় তথা চিটি বাছ চালকৰ দৌৰাত্ম ৰোধ সম্পৰ্কত জিলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিলাক্স এছ’চিয়েশ্বন, মিনি বাছ এছ’চিয়েশ্বন, গুৱাহাটী মেট্ৰ এছ’চিয়েশ্বন আদি বাছ সন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহণ বিভাগকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ বিষয়াববীয়াৰ সৈতে এখন সভা অনুষ্ঠিত কৰে( Newly designated city bus stations in Guwahati)।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে মহানগৰীৰ উৰণীয়া সেঁতু সমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটীৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও মহানগৰৰ ৬০ টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থানত স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ।

আনহাতে, এতিয়াৰে পৰা চালকৰ বেআইনী কোনো কামৰ বাবে আৰু চিহ্নিত নকৰা স্থানত বাছ ৰখালে মালিকৰ পৰিৱৰ্তে বাছ চালকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে উপায়ুক্তগৰাকীয়ে । ইফালে ,অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱা, যান-বাহন নিয়ন্ত্ৰণ শাখাৰ উপ-আৰক্ষী আয়ুক্ত দেৱাশীষ বৰা আদিৰ উপৰিও সংশ্লিষ্ট সকলো বিভাগৰ বিষয়াৰ উপস্থিতিত জিলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয় ৷

ইপিনে বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি আৰু খানাপাৰাৰ পৰা গণেশগুৰিলৈ চিটি বাছ ষ্টপেজ নিৰ্ধাৰণ কৰিবলৈ মঙ্গলবাৰে বিভিন্ন স্থানত এক যুটীয়া অভিযান চলোৱা হয় । গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱাৰ উপৰি মহকুমাধিপতি, জিলা পৰিবহণ বিভাগৰ বিষয়া-বৰ্গ, যান-বাহন নিয়ন্ত্ৰণ শাখাৰ বিষয়া আদি সকলৰ উপস্থিতিত এই অভিযান সম্পন্ন হয় ।

লগতে পঢ়ক : নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.