গুৱাহাটী, 21 নৱেম্বৰঃ ৰাজ্যত বৃহস্পতিবাৰে আত্মপ্ৰকাশ কৰিলে নতুন ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদে ৷ " নৱজাগৰণৰ বাবে ছাত্ৰ" এই উদ্দেশ্যেৰে গঠন কৰা হৈছে ছাত্ৰ সংগঠনটো ৷ মুখ্যত ছাত্ৰ সংগঠনটোৱে ৰাজনৈতিক পথাৰত খনত সহায় কৰিব অগপক ৷
![New Student Organisation axom sartra parisad officialy formed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-oneandone-atul-bora-vis-byt-7204039_21112019112326_2111f_1574315606_606.jpg)
![New Student Organisation axom sartra parisad officialy formed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-oneandone-atul-bora-vis-byt-7204039_21112019112326_2111f_1574315606_166.jpg)
লগতে পঢ়কঃ হেঙেৰাবাৰীৰ পৰা বশিষ্ঠলৈ সলনি ৰাজ্যিক বিজেপিৰ ঠিকনা
ইপিনে, অনুষ্ঠানত উপস্থিত থাকি অগপ সভাপতি অতুল বৰাই মন্তব্য কৰে যে, আছুক প্ৰত্যাহবান জনাই গঠন কৰা হোৱা নাই ছাত্ৰ সংগঠনটো ৷ প্ৰত্যেকটো ৰাজনৈতিক দলৰে এটা ছাত্ৰ সংগঠন থাকে আৰু আজি সেয়ে অগপৰ ছাত্ৰ সংগঠনৰ জন্ম দিয়া হৈছে ৷ সম্পূৰ্ণৰূপে আঞ্চলিকতাবাদী ধাৰণাৰে গঠন হোৱা ছাত্ৰ সংগঠনটোৱে অগপকো সহায় কৰিব ৷
![New Student Organisation axom sartra parisad officialy formed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-oneandone-atul-bora-vis-byt-7204039_21112019112326_2111f_1574315606_655.jpg)