গুৱাহাটী, 26 অক্টোবৰ : মঙলবাৰে প্ৰকাশ পালে নতুন এছ অ’ পি ৷ নতুন এছ অ’ পি অনুসৰি ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টালৈ হ্ৰাস ৷ অৰ্থাৎ এতিয়াৰে পৰা নিশা 11 বজাৰ সলনি ১০ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।
![as_ghy_01_new_sop_published_7209925](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13459889_1.jpg)
বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি ৷ মঙলবাৰৰ পৰা নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন । বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা ৫০ জন লোকক উপস্থিত থকাৰ অনুমতি।
অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো ৫০ লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে। ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৬০ লোকক উপস্থিত থকাৰ অনুমতি প্ৰদানৰ লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত দুয়োটা ভেকচিন গ্ৰহণ কৰা ৪০ গৰাকী লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছে।
লগতে পঢ়ক : সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী