গুৱাহাটী,৩ মাৰ্চ : মুক্তি পালে নতুন অসমীয়া চিনেমা 'কানীন'ৰ এটি গীত ।আজিগুৱাহাটী প্ৰেছ ক্লাৱত তৰালী শৰ্মাই কণ্ঠদান কৰা "শুই থকা আবেগ " শীৰ্ষক গীতটিৰ শুভ মুক্তি দিয়ে ৰমেন চৌধুৰীদেৱে ।
ৰীতা চৌধুৰীৰ উপন্যাসৰ কাহিনীৰ আধাৰত নিৰ্মিত মঞ্জুল বৰুৱা পৰিচালিত ছবিখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই ।ছবিখনত অভিনয় কৰিছে অসমীয়া ছবি জগতৰ কেইবাগৰাকীও বিশিষ্ট অভিনেতা-অভিনেত্ৰীৰ লগতে নতুন প্ৰজন্মৰ কেইবাগৰাকী কলা-কুশলী ।
২২ মাৰ্চত মুক্তি পাবলগীয়া ছবিখনক লৈ আশাবাদী পৰিচালকৰ লগতে ছবিখনৰ জড়িত কলা-কুশলীসকল ।