গুৱাহাটী, 12 জুন : অৱশেষত অৱসান ঘটিল চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তিৰ মাচুলকলৈ দীৰ্ঘদিনৰ পৰা চলি অহা খেলিমেলিৰ ৷ চৰকাৰী মহাবিদ্যালয়সমূহত নামভৰ্তি মাচুল লৈ নতুন নিৰ্দেশনা উচ্চ শিক্ষা সঞ্চালয়কালয়ৰ ৷ সমগ্ৰ ৰাজ্যতে মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ নামভৰ্তিৰ ক্ষেত্ৰত নতুন নিৰিখ ধাৰ্য কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে । চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ সকলো চৰকাৰী মহাবিদ্যালয়তে কাৰ্যকৰী হৈছে বিভাগটোৱে নিৰ্ধাৰণ কৰা মাচুল ৷ তিনি বছৰলৈ মহানগৰ, নগৰ আৰু গ্ৰামাঞ্চলত পৃথক হ'ব শিক্ষাৰ মাচুল । মাচুলক লৈ বিভিন্ন বিতৰ্ক সৃষ্টি হোৱাৰ বাবে উলিওৱা এই নতুন নিৰিখ অনুসৰি উচ্চতৰ মাধ্যমিক কলা-বাণিজ্য শাখাত মেট্ৰ'ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ক্ৰমে ৪৯২০ টকা আৰু ৩৪২০ টকা ৷ চহৰৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ক্ৰমে 4520 আৰু 3920 টকা ৷ ঠিক একেদৰে গ্ৰাম্যৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ক্ৰমে 4220 আৰু 3420 টকা ৷
ইপিনে স্নাতক মহলাৰ কলা-বাণিজ্য শাখাৰ নামভৰ্তিৰ মাচুল মেট্ৰ'ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 5840 আৰু 5620 টকা ৷ চহৰৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 5540 আৰু 5320 টকা আৰু গ্ৰাম্যৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 4940 আৰু 4720 টকা ৷ বিজ্ঞান শাখাৰ নামভৰ্তিৰ মাচুল মেট্ৰ'ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 6820 আৰু 6040 টকা ৷ চহৰৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 6520 আৰু 5720 টকা আৰু গ্ৰাম্যৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰু আৰু লঘু পাঠ্যক্ৰমৰ বাবে ক্ৰমে 5920 আৰু 5140 টকা ৷
শিক্ষা বিভাগৰ এই নিৰ্দেশনাক চলিত বৰ্ষৰ পৰাই পালন কৰিছে মহানগৰীৰ আগশাৰী মহাবিদ্যালয়সমূহে ।