ETV Bharat / state

আহোম-মিঞা সমাজৰ নেতৃত্বত ভূমিষ্ঠ হ'ল 'জাতীয় দল অসম'

author img

By

Published : Dec 26, 2020, 10:41 PM IST

আহোম ৰয়েল ছ'চাইটি, অসম-মিঞা পৰিষদৰ লগতে ১৩টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিল 'জাতীয় দল অসম' নামেৰে এটা নতুন দলৰ ৷

জাতীয় দল অসম
জাতীয় দল অসম

গুৱাহাটী, 26 ডিচেম্বৰ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গঠিত হৈছে এটাৰ পিছত এটাকৈ ৰাজনৈতিক দল ৷ শনিবাৰে ৰাজ্যত পুনৰ ভূমিষ্ঠ হ'ল আন এটা ৰাজনৈতিক দলৰ ৷ অসমৰ লাঞ্ছিত-বঞ্চিত মিঞা সমাজক লগত লৈ ৰাজ্যত গঠন হৈছে ৰাজনৈতিক দলটো ৷ আহোম ৰয়েল ছ'চাইটি, অসম-মিঞা পৰিষদৰ লগতে ১৩টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিল 'জাতীয় দল অসম' নামেৰে এটা নতুন দলৰ ৷ শনিবাৰে দিঘলীপুখুৰীস্থিত অসম সাহিত্য সভা ভৱনৰ জয়ন্ত কুমাৰ বৰুৱা সদনত অনুষ্ঠিত এখন সভাত নতুন ৰাজনৈতিক দলটোৱে আত্মপ্ৰকাশ কৰে ৷

আহোম-মিঞা সমাজৰ নেতৃত্বত ভূমিষ্ঠ হ'ল 'জাতীয় দল অসম'

প্ৰথম পৰ্যায়ত এম.জি হাজৰিকা আৰু তনু ধাদুমীয়া আহোমক দলটোৰ মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৷ আগন্তুক এসপ্তাহৰ ভিতৰত জিলা পৰ্যায়ত আহ্বায়ক সমিতি গঠনৰ লক্ষ্য লৈছে জাতীয় দল অসমে ৷ তদুপৰি জানুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া দলটোৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনত দলটোৱে পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ কৰিব ৷

ইপিনে ৰাজ্যত শেহতীয়াকৈ গঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মিঞাসকলক এৰাই ৰাজনৈতিক মুনাফাৰ বাবে কাম কৰা অভিযোগ কৰিছে অসম মিঞা পৰিষদৰ নেতৃত্বই ৷ মিঞাসকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰে বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ৷ এনে পৰিস্থিতিৰ বাবেই আঞ্চলিক দলটো জন্ম দিয়া বুলি প্ৰকাশ কৰে নেতৃত্বই ৷ অসমৰ জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকক লগত লৈ একতাৰ ডোলেৰে আগবঢ়াৰ সংকল্প ল'লে জাতীয় দল অসমে ৷ 2021 ত সাম্প্ৰদায়িক ৰাষ্ট্ৰীয়তাবাদী দলক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ নৱগঠিত জাতীয় দলটোৰ ৷

লগতে পঢ়ক: অমিত শ্বাহৰ জনসভাত কোভিড প্ৰট’কল ভংগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.