গুৱাহাটী, 23 নৱেম্বৰঃ বাবুৰ "মাজুলীৰ গাভৰু" শীৰ্ষক গীতৰ প্ৰত্যুত্তৰত মাজুলীক লৈ অসম পৰ্যটনৰ নতুন ভিডিঅ' মুকলি ৷ মাজুলীক বিকৃত ৰূপত উপস্থাপন কৰি ৰাজ্যবাসীৰ সমালোচনাৰ সন্মুখীন হৈছে জনপ্ৰিয় গায়ক বাবু আৰু পৰিচালক অসীম গগৈ। নিজৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এই কাণ্ড কৰা বুলি অভিযোগ দিছিল সকলোৱে। সত্ৰীয়া সংস্কৃতিৰ ওপৰত কোনো জ্ঞান নোহোৱাকৈ এই গীত প্ৰস্তুত কৰাক লৈ বাবুৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল মাজুলীবাসী। এইবাৰ বাবুক এটা নতুন ভিডিঅ'ৰে প্ৰত্যুত্তৰ দিলে অসম পৰ্যটন উন্নয়ন নিগমে ।
বাবুৰ মাজুলী গাভৰু শীৰ্ষক গীতটিয়ে অসম পৰ্যটনত কৰা ক্ষতিক প্ৰত্যাহ্বান জনাবলৈ মুকলি কৰা হয় এই নতুন ভিডিঅ'টো। য’ত সত্ৰীয়া সংস্কৃতি,মাজুলীৰ ঐতিহ্য আৰু বৈচিত্ৰময় দিশসমূহ তুলি ধৰাৰ প্ৰয়াস কৰিছে অসম পৰ্যটন নিগমে ।
বাবুক বিকৃত মানসিকতাৰ লোক আখ্যা দি অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ক'লে, এটা ৰোমান্টিক গীতত এনে ধৰণৰ দৃশ্যায়ন কৰাটো কোনো যুক্তিযুক্ততা নাছিল। তাৰোপৰি জ্ঞান শূণ্যভাৱে মাজুলীক বিকৃত ৰূপত উপস্থাপন কৰি বাবুয়ে সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে বুলিও কয় জয়ন্ত মল্ল বৰুৱাই।
আৰু পঢ়কঃ বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মহানুভৱতাই মুগ্ধ কৰিছে একাংশক !