ETV Bharat / state

অভিভাৱক মন্ত্রীৰ নতুন তালিকা: কাক কি দায়িত্ব দিয়া হ'ল - New list of guardian ministers announced in Assam

অভিভাৱক মন্ত্ৰীৰ ১৫ জনীয়া তালিকা প্ৰকাশ (New list of guardian ministers announced) । একো একোজন মন্ত্ৰীক দুই-তিনিখন জিলাৰ দায়িত্ব । অভিভাৱক মন্ত্রীৰ ত‍ালিকাত নতুনকৈ অন্তৰ্ভুক্ত জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা । নতুন তালিকাত দায়িত্বৰ ব্যাপক সালসলনি ।

New list of Assam guardian ministers
অভিভাৱক মন্ত্রীৰ নতুন তালিকা, কাক কি দায়িত্ব দিয়া হ'ল
author img

By

Published : Sep 2, 2022, 2:05 PM IST

গুৱাহাটী, ২ ছেপ্তেম্বৰ: অৱশেষত সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী । একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । যি উদ্দেশ্যৰে মন্ত্ৰীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছিল একাংশ মন্ত্ৰী ৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থ‍া গ্ৰহণ কৰিছে । অৱশেষত প্ৰকাশ কৰা হ'ল অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা (New list of guardian ministers announced) ।

সেই অনুসৰি মন্ত্ৰী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা । আনহাতে মন্ত্ৰী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে বঙাইগাঁও, ধুবুৰী আৰু বৰপেটা জিলা তেওঁৰ দায়িত্বত আছিল । দুখন জিলা সলনি কৰা হয় । সেইদৰে মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হয় ।

পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু নগাওঁ জিলা। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ গোলাঘাট আৰু মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী আছিল যদিও নতুনকৈ আৰু এখন জিলাৰ দায়িত্ব দিয়া হয় । মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হয় । পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল । তেওঁক নতুনকৈ নগাঁও জিলাৰ দায়িত্ব দিয়াৰ বিপৰীতে পূৰ্বৰ জিলা দুখনৰ পৰা আঁতৰ কৰা হয় ।

New list of Assam guardian ministers
অভিভাৱক মন্ত্রীৰ নতুন তালিকা, কাক কি দায়িত্ব দিয়া হ'ল

সেইদৰে মন্ত্ৰী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব দিয়া হয় । পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল ।

সেইদৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁৰ দায়িত্বত আছিল দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলা । কামৰূপ মহানগৰ জিলাৰ দায়িত্ব তেওঁৰ পৰা আঁতৰাই মন্ত্ৰী অতুল বৰাক দিয়া হয় । আনহাতে মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব দিয়া হয় ।

পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ আগতে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল । মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয় । পূৰ্বে সঞ্জয় কিষান ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল ।

আনহাতে এইবাৰ অভিভাৱক মন্ত্ৰীৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাছাৰ, ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে । পূৰ্বে কাছাৰ জিলাৰ দায়িত্বত আছিল মন্ত্ৰী অশোক সিংঘাল, ধুবুৰীৰ দায়িত্বত আছিল মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু হাইলাকান্দিৰ দায়িত্বত আছিল পৰিমল শুক্লবৈদ্য ।

আনহাতে মন্ত্ৰী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ পূৰ্বে বাক্সাৰ দায়িত্বত ইউ জি ব্ৰক্ষ্ম আৰু বজালীৰ দায়িত্বত বিমল বড়া আছিল । অভিভাৱক মন্ত্ৰীৰ দায়িত্বৰ ক্ষেত্ৰত ব্যাপক সালসলনি ঘটোৱা হৈছে ।

উল্লেখ যে, শেহতীয়া কেবিনেট বৈঠকত অভিভাৱক মন্ত্ৰীসকলৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল । এই পৰ্যালোচনাত একাংশ অভিভাৱক মন্ত্ৰীৰ ক‍াম-কাজকলৈ অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সময়ত একাংশ অভিভাৱক মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে নিজৰ দায়িত্ব পালন কৰিব পৰা নাছিল ।

বিগত বৰ্ষৰ ২৬ মে'ত মন্ত্ৰীসকলক অভিভাৱক মন্ত্ৰী হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি দায়িত্ব দিয়া জিলাৰ সৈতে অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰা হৈছিল । বিগত সময়চোৱাত অভিভাৱক মন্ত্ৰীসকলে কৰা কাম-কাজৰ পৰ্যালোচনা কৰাত একাংশ মন্ত্ৰীৰ ব্যৰ্থতা উন্মোচিত হয় ।

যাৰ বাবে অভিভাৱক মন্ত্ৰীৰ জিলাৰ দায়িত্ব সালসলনি কৰাৰ ব্যৱস্থা কৰা হয় । আনহাতে নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা অভিভাৱক মন্ত্ৰীৰ নতুন তালিকাত অন্তৰ্ভুক্ত কৰা হয় ।

লগতে পঢ়ক: নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য আধুনিক নিয়ম গ্ৰহণৰ দিশে অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.