ETV Bharat / state

নতুন SOP : ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন - নৈশ সান্ধ্য আইন

গুৱাহাটীৰ ক্ষেত্ৰত ৪ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন ৷ বন্ধ থাকিব আন্তঃজিলাৰ যাতায়ত ৷ লগতে 4 খন জিলাত সম্পূৰ্ণ ল'কডাউন ঘোষণা কৰা হৈছে ৷

Complete lockdown in 4 district
ৰাজ্যৰ 4 খন জিলাত সম্পূৰ্ণ লকডাউন
author img

By

Published : Jun 25, 2021, 10:49 PM IST

গুৱাহাটী, ২৫ জুন : শুকুৰবাৰে ৪ বজাৰ পৰা ৫ বজালৈ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত স্বাস্থ্য বিভাগৰ লগতে কেবাটাও বিভাগৰ সৈতে হোৱা বৈঠকত ক'ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত এক আলোচনাত কৰা হয় । ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি ক'ভিডৰ কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে ৷ এই বৈঠকৰ পাচতে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বােধন কৰি কয়, বিগত সাতদিনত অসমৰ সকলো অঞ্চলত পৰ্যবেক্ষণ কৰি ক'ভিড নিৰ্দেশনাৰ কিছু সাল সলনি কৰা হৈছে ৷

সোমবাৰৰ পৰা প্ৰযোজ্য হ'বলগীয়া এই নিৰ্দেশনা অনুসৰি ৪ খন জিলা ক্ৰমে বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা আৰু গোলাঘাট মহকুমাত সম্পূৰ্ণ ল'কডাউন দিয়া হ'ব । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো দিশ বন্ধ থাকিব যদিও শাৰীৰিক দূৰত্ব প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া ৫ বজালৈ গেলামালৰ দোকান খোলা থাকিব । শাক-পাচলিৰ বিপনীও খুলিব পাৰিব ৷

আনহাতে গুৱাহাটীৰ ক্ষেত্ৰত ৪ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন আৰু বিয়লি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ । সমান্তৰালভাৱে হাইলাকান্দি জিলাত ৫ বজা আৰু বাকী জিলাসমূহত ১ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ'ব । বৰ্তমানৰ দৰে কঠোৰ ব্যৱস্থাৰে বন্ধ থাকিব আন্তঃজিলা যাতায়াত ।

যিসকলে দুই পালি ভেকচিন লৈছে সেইসকল যাত্ৰীয়ে ৰেলৱে' ষ্টেচন অথবা বিমানবন্দৰত ক'ভিড টেষ্ট নকৰাকৈ যাব পাৰিব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে সদৰি কৰে । মেগা ভেকচিনেচনৰ প্ৰসংগ উল্লেখ কৰি সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিগত তিনিটা দিনত ৯ লাখ ৮৪ হেজাৰ লোকে ভেকচিন লোৱা বুলি সদৰি কৰে ৷ অসম চৰকাৰে প্ৰতিদিনে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডেৰ লাখ ভেকচিন লাভ কৰি থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

প্ৰথম শাৰীৰ কৰ্মীসকলক ভেকচিন লোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব । সেয়েহে সকলো আগশাৰীৰ কৰ্মচাৰীক ভেকচিন ল'বলৈ আহ্বান জনায় । অন্যথা দৰমহা বা পাৰিতোষিক বন্ধ হ'ব বুলি সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: পুৰাতত্ত্ব বিভাগে পাহৰিলে দিহিঙীয়া ৰজাৰ মৈদামক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.