গুৱাহাটী, 17 ডিচেম্বৰ : দেওবাৰে গুৱাহাটী মহানগৰীত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হয় 'হায়ৰে মানৱৰ মন' শীৰ্ষক নতুন অসমীয়া আধুনিক গীতৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ । বকুল প্ৰডাকশ্যনৰ দ্বাৰা নিবেদিত গীতটোৰ শুভ মুক্তি কৰে অভিনেতা দেৱজিৎ মজুমদাৰে ।
সদ্যমুক্তিপ্ৰাপ্ত গীতটোত কণ্ঠদান কৰিছে কুইন তালুকদাৰ বৈশ্য আৰু কৌস্তভ বসন্ত আৰ্যই । গীতটোৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ ৷ বিশিষ্ট ছবি পৰিচালক কৃপাল কলিতাই পৰিচালনা কৰা গীতটোত অভিনয় কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপাক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, অভিনেতা হিৰণ্য ডেকা আৰু অসীম কৃষ্ণ বৰুৱাই ।
গীতটোৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, অভিনেত্ৰী মলয়া গোস্বামী, সমাজসেৱক ৰমা কুমাৰ দাস, পৰিচালক অচিন্ত শংকৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি । উল্লেখ্য যে, সাম্প্ৰতিক সময়য়ত সমাজত ঘটি থকা কিছু ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে অসমীয়া গীতটো ৷
গীতটোৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক কৃপাল কলিতাই কয়,‘‘ গীতটোক লৈ মই যথেষ্ট আশাবাদী । গীতটোত অভিনয় কৰা প্ৰতিগৰাকী শিল্পী চিনাকি শিল্পী । সকলোৱে যথেষ্টখিনি কষ্ট কৰি কাম কৰিছে । অসমৰ ৰাইজে গীতটো আদৰি ল'ব বুলি মই আশাবাদী ।’’
ইফালে গীতটোৰ সন্দৰ্ভত কণ্ঠশিল্পী কৌস্তভ বসন্ত আৰ্যই কয়, ‘‘ মই বহুত ভাগ্যৱান । জীৱনৰ প্ৰথমটো গীত মই মাৰ সৈতে গাইছোঁ । মই গীতৰ মাজেৰে যিমান পাৰোঁ ন্যায় হকে কাম কৰিবলৈ চেষ্টা কৰিছোঁ । আশা কৰোঁ ৰাইজে গীতটো আঁকোৱালি ল'ব ।’’
ৰাজ্যৰ সংগীত জগতখনৰ জনপ্ৰিয় শিল্পী দিগন্ত ভাৰতীৰ কথা-সুৰ আৰু মাতৃ-পুত্ৰৰ কণ্ঠৰ গীতটোৱে জনপ্ৰিয়তা অৰ্জন কৰিব বুলি আশাবাদী গীতটোৰ মুকলি অনুষ্ঠানত উপস্থিত থকা লোকসকল ৷
লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাকক্ষণত আহি আছে অৰুন্ধতী ভানু প্ৰিয়াৰ কণ্ঠত মৰমৰ উমান