ETV Bharat / state

The Nellie Story: শীঘ্ৰেই মুকলি হ’ব নেলীৰ গণহত্যাৰ আধাৰত নিৰ্মিত ছবি 'নেলীৰ কথা'

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 4:37 PM IST

অহা 8 ডিচেম্বৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘নেলীৰ কথা’ । ‘চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে পার্থজিৎ বৰুৱাই ।

New Assamese film The Nellie Story will be released on December
নতুন অসমীয়া ছবি নেলীৰ কথা

গুৱাহাটী, 2 নৱেম্বৰ: নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ পার্থজিৎ বৰুৱাৰ পৰিচালনাৰে অহা ৮ ডিচেম্বৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি "নেলীৰ কথা"। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা এই কৰুণ ঘটনাক আজিও অসমীয়া সমাজে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই আর্তনাদ ৷ এই ঘটনাকে কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ।

New Assamese film The Nellie Story will be released on December
নতুন অসমীয়া ছবি ‘নেলীৰ কথা

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই । বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰ ৰাজীৱ পাটৰ ( অৰ্ঘদ্বীপ বৰুৱা) নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাহাটীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাঁও সমূহলৈ যায় আৰু বহু নজনা কথা জানিব পাৰে । "নেলীৰ কথা" চিনেমাখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পার্থজিৎ বৰুৱাৰ । চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ সহকাৰী সংলাপ দিছে প্ৰাঞ্জল কুমাৰ মহন্তই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে নীল বৰ্মন হৈছে চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক । চিনেমাখনৰ চিনেমাট’গ্ৰাফীৰ দায়িত্ব সম্পাদন কৰিছে সুমন দুৱৰাই । সম্পাদনা হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন আৰু মিক্সিং দেৱজিৎ গায়নৰ, কালাৰ গ্ৰেডিং ৰাজেশ যাদৱৰ লগতে সংগীত ডেনিয়েল ইংতিৰ ।

১০২ মিনিট দৈৰ্ঘৰ "নেলীৰ কথা" শীর্ষক এই ছবিখনত অভিনয় কৰিছে ক্ৰমে অর্ঘদ্বীপ বৰুৱা, স্বাগতা ভৰালী, ৰয়ন্তী ৰাভা, ধনঞ্জয় দেৱনাথ, মহেন্দ্ৰ দাস, সুদর্শন নাথ, সপোনটি বৰদলৈ, ড৹ আশা কুঠাৰী চৌধুৰী, স্বৰ্গীয় মুকুট চন্দ্ৰ ভূঞা, সুনয়না দত্ত, সমৰ জ্যোতি চৰকাৰ, মিন্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, সুস্মিতা শ‍ইকীয়া, ত্ৰিদিশা আৰ, পৰাশৰ, পুনীৰাম শ‍ইকীয়া, লক্ষ্য জ্যোতি শ‍ইকীয়া, ৰূপম শ‍ইকীয়াই । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: Atul Pachoni on Raghav: বিতৰ্কিত ছবি ৰাঘৱক লৈ কি ক’লে অভিনেতা অতুল পাচনিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.