ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বিতৰ্কৰ নতুন মোৰ

author img

By

Published : Jul 6, 2021, 10:29 PM IST

ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে(Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয় সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷ এই সন্দৰ্ভত হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত মঙলবাৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনে প্ৰকাশ কৰিলে নতুন নিৰ্দেশনা ৷

new-angle-of-gauhati-university-contractual-teacher-case
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বিতৰ্কৰ নতুন মোৰ

নিউজ ডেস্ক, 7 জুলাই : অৱশেষত, চৰ্ত সাপেক্ষে বাতিল কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati university)ৰ ঠিকা ভিত্তিক শিক্ষকৰ নিযুক্তি বাতিলৰ সিদ্ধান্ত ৷ মঙলবাৰে, বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰে যে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ সন্মতি সাপেক্ষে পূৰ্বৰ নিৰ্দেশনাত উল্লিখিত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বাতিলৰ প্ৰক্ৰিয়া চৰ্ত সাপেক্ষে বাতিল কৰা হৈছে ৷ এই শিক্ষক সকলৰ নিযুক্তি বাহাল থাকিব ৷

উল্লেখ্য যে, বিগত কিছুদিনৰ পূৰ্বে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য জগদীশ মুখীয়ে(Jagdish Mukhi) গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন আন বিশ্ববিদ্যালয় সমূহত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ বাবে বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য সকলক নিৰ্দেশ প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত বিগত 2 জুলাই তাৰিখ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এক নিৰ্দেশনা যোগে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত নিযুক্ত হৈ থকা ঠিকাভিত্তিক শিক্ষক সকলৰ নিযুক্তি বাতিল কৰাৰ কথা সদৰি কৰে ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে জাঙুৰ খাই উঠে ৰাজ্যৰ বিভিন্ন সচেতন মহলৰ লগতে দল সংগঠন সমূহ ৷

new angle of gauhati university contractual teacher case
বিশ্ববিদ্যালয় প্ৰশানৰ নতুন নিৰ্দেশনা

বিশ্ববিদ্যালয় খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা(GUPGSU), সদৌ অসম ছাত্ৰ সন্থা আদিয়ে বিষয়টোৰ তীব্ৰ বিৰোধ কৰি বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ সৈতে সহমত নোহৱাৰ কথা ব্যক্ত কৰে ৷ এই বিষয়টোৰ বিৰোধিতা কৰি স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই এখন প্ৰেছ বিজ্ঞপ্তিও প্ৰদান কৰে ৷

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰেছ বিবৃতি

সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্ৰাচাৰ্যই এই বিষয়ত টুইট কৰি নিজৰ অসন্তুষ্টি ব্যক্ত কৰি লিখে যে, আচাৰ্য গৰাকীৰ এনে সিদ্ধান্ত হৈছে বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাৰ ওপৰত হস্তক্ষেপ ৷ ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সম্পৰ্কত আচাৰ্য গৰাকীলৈ আৱেদন লিখি এই বিষয়ত মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি সঠিক সিদ্ধান্ত লোৱাৰ আহ্বান কৰে ৷

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্যই সকলো ঠিকাভিত্তিক শিক্ষকৰ কাৰ্যকাল শেষ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।ই বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাত হস্তক্ষেপ।এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানত ব্যাঘাত জন্মাব।

    এই নিৰ্দেশ বাতিল কৰাৰ দাবী জনাইছোঁ।@jagdishmukhi@himantabiswa @ranojpeguassam

    — Dr. Samujjal Bhattacharjya (@SamujjalBhatta) July 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহত নিয়মীয়া শিক্ষকৰ অভাৱ নতুন নহয় ৷ কেইবাখনো নতুন বিশ্ববিদ্যালয়ৰ একাংশ বিভাগত নাই নিয়মীয়া শিক্ষক ৷ আনহে নালাগে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভাগ সমূহৰ সমান্তৰালভাৱে থকা বহু কেইটা শিক্ষা কেন্দ্ৰত(study centre)ত নাই নিয়মীয়া শিক্ষক ৷ এতিয়া আচাৰ্যৰ গৰাকীৰ সিদ্ধান্তৰ বাবে এই বিভাগ তথা কেন্দ্ৰ সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতো সংকতাপন্ন হৈছে বুলি অভিযোগ কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ হাত এৰি গেৰুৱা সাজ পিন্ধিব নেকি ৰাজীৱ লোচন পেগুৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.