ETV Bharat / state

এনচিপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

এনচিপি দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে ইস্তাহাৰখন মুকলি কৰি কয় যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ২১ ৰ নিৰ্বাচনত লক্ষ্য চৰকাৰ গঠন কৰা নহয় ৷ কেৱল জন সাধাৰণৰ মূল সমস্যাসমূহৰ ক্ষেত্ৰত যাতে বিধানসভাত মাত মাতি যাব পাৰে তাৰ লক্ষ্যৰে সামৰ্থ অনুসৰি সীমিত সংখ্যক সমষ্টিত দলটোৱে প্ৰাৰ্থী আগবঢ়াব ৷

ncp published their manifesto for upcoming election
এন চি পিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ
author img

By

Published : Mar 13, 2021, 4:02 PM IST

গুৱাহাটী,13 মাৰ্চ: ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীয়ে শনিবাৰে ২১ ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা সমষ্টিসমূহৰ প্ৰাৰ্থীৰ নাম প্ৰকাশৰ লগতে নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰে ৷ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ দলৰ মুখ্য কাৰ্যালয়ত মুকলি কৰে এই ঘোষণা পত্ৰ ৷ দলটোৱে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰে ৷ আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ কোনো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা নাই দলটোৱে ৷ মুঠ ১৯ টাকৈ ঘোষণা সম্বলিত ইস্তাহাৰ পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰী, দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী হৃদয়ানন্দ গগৈৰ লগতে বহু কেইগৰাকী দলীয় নেতা-কৰ্মী ৷

সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে ইস্তাহাৰ মুকলি কৰি কয় যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ২১ ৰ নিৰ্বাচনত লক্ষ্য চৰকাৰ গঠন কৰা নহয় ৷ কেৱল জন সাধাৰণৰ মূল সমস্যাসমূহৰ ক্ষেত্ৰত যাতে বিধানসভাত মাত মাতি যাব পাৰে তাৰ লক্ষ্যৰে সামৰ্থ অনুসৰি সীমিত সংখ্যক সমষ্টিত দলটোৱে প্ৰাৰ্থী আগবঢ়াব ৷

এন চি পিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ঘোষণা পত্ৰত উল্লেখ থকা অনুসৰি দলে নিবনুৱা সমস্যা, স্বনিৰ্ভৰশীলতা, স্বাস্থ্য, শিক্ষা, কৃষি খণ্ডৰ উন্নয়ন, এনআৰচি, অসম চুক্তিৰ ছয় নং দফা, বান-খহনীয়া, ৰাজহুৱা উদ্যোগ উন্নীতকৰণ আদি বিষয়সমূহ নিৰ্বাচনৰ মূল ইচ্ছু হিচাপে লৈ ২১ ৰ বিধানসভাৰ নিৰ্বাচনত জন সাধাৰণৰ মাজলৈ লৈ যাব ৷ উল্লেখ্য যে, দলটোৰ প্ৰকাশ হ’ব লগা তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত দিশপুৰ সমষ্টিৰ পৰা হৃদয়ানন্দ গগৈ, ৩৭ নং গোৱালপাৰাৰ পূৱ সমষ্টিৰ পৰা মঃ কফিলউদ্দিন আহমেদ, ২২ নং দক্ষিণ শালমৰা সমষ্টিৰ পৰা জেনাত মোল্লা আৰু হাইলাকান্দি সমষ্টিৰ পৰা হাজী জিলকাদৰ আলী বৰভূঞাকে আদি কৰি মুঠ চাৰিজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷

লগতে পঢ়ক : শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.