ETV Bharat / state

National Education Policy 2020: চাৰি বছৰীয়া হ’ল ডিগ্ৰীৰ পাঠ্যক্ৰম; অসমত কাৰ্যকৰী ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020

author img

By

Published : Jun 3, 2023, 3:42 PM IST

ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 (National Education Policy 2020) কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাবে পৰিগণিত হ’ল অসম ৷ এতিয়াৰে পৰা চাৰি বছৰীয়া হ’ব স্নাতক পাঠ্যক্ৰম ৷ মহাবিদ্যালয়সমূহক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

National Education Policy 2020
National Education Policy 2020

অসমত কাৰ্যকৰী হ’ল ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020

গুৱাহাটী, 3 জুন: ৰাজ্য়ৰ উচ্চ শিক্ষাত এতিয়াৰে পৰা কাৰ্যকৰী হ’ব ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 (NEP 2020) ৷ গুৱাহাটী বিশ্ববিদ্যালয় (Gauhati University) আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত শনিবাৰে এই নীতিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (CM Himanta Biswa Sarma) কয়, ‘‘আজিৰ দিনটো অসমৰ শিক্ষা জগতৰ বাবে ঐতিহাসিক মুহূৰ্ত । আজিৰ অসমৰ শিক্ষাৰ বাবে দিনটো মাইলৰ খুঁটি হিচাবে পৰিগণিত হ’ব । আজিৰ দিনটো স্মৰণীয় হৈ থাকিব । নৱপ্ৰজন্মক গৱেষণাৰ প্ৰতি আকৃষ্ট কৰিব লাগিব । এই শিক্ষা নীতি পূৰ্বৰ শিক্ষানীতিসমূহতকৈ পৃথক । এই নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ বহুমুখী দিশ সাঙুৰি লৈছে । শিক্ষাৰ্থী এজনে যিকোনো শাখাত পঢ়িব পাৰে ।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে কলেজবোৰত সকলো শাখা আৰম্ভ কৰাত গুৰুত্ব দিব । এই নীতিৰ লক্ষ্য হৈছে নতুন ভাৰত গঢ়ি তোলা । শিক্ষাৰ উদেশ্য উদাৰপন্থী দৃষ্টিভংগী মানৱ‌ সৃষ্টি কৰা লক্ষ্য হ’ব লাগে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী চাৰিবছীয়া কৰাৰ বাবে বিধানসভাত আইন গ্ৰহণ কৰা‌ হ’ব । অসমৰ সকলো মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী চাৰিবছীয়া পাঠ্যক্ৰম অহা বছৰৰ পৰা আৰম্ভ কৰিব লাগিব । বিশ্ববিদ্যালয় আইন‌ সংশোধনৰ‌ ব্যৱস্থা কৰা‌ হ’ব (NEP 2020 implemented in Assam) ।

কলেজসমূহে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে এই শিক্ষা নীতি অনুসৰি শিক্ষাৰ্থী এজনে কলেজত ডিগ্ৰীৰ তৃতীয় বছৰত শিক্ষা আধাতে এৰি যাব পাৰিব । পুনৰ তিনিবছৰ পিচত উভতি আহি বাকী এবছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিব (4 years degree course) ।

চৰকাৰী নিৰ্দেশনাৰ পাচতো অসমৰ একাংশ মহাবিদ্য়ালয় ‘নাক‘ত (National Assessment and Accreditation Council) অন্তৰ্ভুক্ত নকৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৯০ খন কলেজে নাকৰ কাম আৰম্ভ কৰা নাই ৷ এই মহাবিদ্যালয়সমূহক NAACৰ কাম আৰম্ভ কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মহাবিদ্যালয়ত পাঠদান শেষ হোৱাৰ পাচত দিনৰ ২ বজাৰ পৰা মহাবিদ্যালয়ত গৱেষণা বা আন বিষয়ত গুৰুত্ব দিব লাগিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই । ২ মাহৰ মূৰে মূৰে সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল মিলিত হৈ শৈক্ষিক বিষয় আলোচনা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসত শৃংখলতা অনাৰ নিৰ্দেশ দিয়ে ।

অনুষ্ঠানত ভাষণ প্ৰসংগত‌ ৰাজ্যৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই (Nanigopal Mahanta) কয় যে অসমত ২০২১ চনৰ‌ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰূপায়ণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি চমুকৈ এনইপি-২০২০ আধাৰিত পাঠ্যক্ৰম অহা আগষ্টৰ পৰা আৰম্ভ কৰিব । ২০২৩-২৪ শিক্ষা বৰ্ষৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো অনুমোদিত মহাবিদ্যালয়ত চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (জি ইউ-এফ ৱাই ইউ জি পি) ৰূপায়ন কৰা হৈছে ।

লগতে পঢ়ক: Power tariff hike in Assam: গৰমত জনতাক আৰু অধিক গৰম কৰিছে এপিডিচিএলে : ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.