গুৱাহাটী, ১২ নৱেম্বৰ: ১৫ নৱেম্বৰৰ 'জনজাতীয় গৌৰৱ দিৱস'ৰ (Janajatiya Gaurav Divas 2022) লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গুৱাহাটী আই আই টিত দুদিনীয়াকৈ অনুষ্ঠিত কৰা 'জনজাতি সবলীকৰণত বিজ্ঞান আৰু প্ৰযুক্তি' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনৰ আজি সামৰণি পৰে (National Conference on Science and Technology) । সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত (Assam Health minister Keshab Mahanta)।
ভাৰতৰ স্বতন্ত্ৰতা সংগ্ৰামী, বিদ্ৰোহী আদিবাসী নেতা, ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত উদযাপিত 'জনজাতীয় গৌৰৱ দিৱস'ৰ প্ৰাকঃক্ষণত ১১ আৰু ১২ নৱেম্বৰত ৰাজ্য চৰকাৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সহযোগত আয়োজিত এই ৰাষ্ট্ৰীয় সন্মিলনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত জনজাতীয় লোকসকলৰ সবলীকৰণৰ বিষয়ে বিশদ ভাৱে আলোচনা কৰা হয় ।
দেশৰ ৭খন জনজাতি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ১৩ খন ৰাজ্যৰ পৰা অহা জনজাতীয় উদ্ভাৱক আৰু উদ্যমী, বিভিন্ন ৰাজ্যত জনজাতীয় লোকসকলৰ বিকাশৰ দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা প্ৰায় ৪০০ গৰাকী সমাজকৰ্মীৰ লগতে গৱেষক-বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰা এই সন্মিলনখনৰ পৰা জনজাতীয় লোকসকলৰ উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ দিশত নতুন ধ্যান-ধাৰণাৰ উন্মেষ ঘটিব বুলি অনুষ্ঠানত আশা প্ৰকাশ কৰে মন্ত্ৰী মহন্তই ।
অসমত জনজাতীয় লোকসকলক অন্ধবিশ্বাসৰ প্ৰভাৱৰ পৰা মুক্ত কৰোৱাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে তেওঁলোকৰ জীৱন-জীৱিকাৰ দিশতো সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে হাতত লোৱা কাৰ্যব্যৱস্থাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উল্লেখ কৰে । জনজাতি অধ্যুষিত এলেকাসমূহক জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ পৰা মুক্ত ৰাখি প্ৰাকৃতিক বাতাৱৰণ অক্ষুন্ন ৰখাৰ দিশত এছটেকৰ জৰিয়তে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে ।
সামৰণি অনুষ্ঠানত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব ড৹ এছ চন্দ্ৰশেখৰ, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক ড৹ টি জি সীতাৰাম, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উপদেষ্টা ড৹ দেৱপ্ৰিয়া দত্ত, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উপদেষ্টা ড৹ বিনীতা শ্ৰীবাস্তৱ, গুৱাহাটীৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছাইন্স এণ্ড টেকন’লজিৰ সঞ্চালক ডঃ আশীষ কুমাৰ মুখাৰ্জী, অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অতিৰিক্ত সচিব তথা এছটেকৰ সঞ্চালিকা কিমনেই চাংচনেও অংশগ্ৰহণ কৰে ।
সন্মিলনখনৰ সৈতে আয়োজন কৰা এখন প্ৰদৰ্শনীও সন্ধিয়া দৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । দেশৰ বিভিন্ন অংশত জনজাতীয় লোকসকলে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কৃষি, খাদ্য প্ৰসংস্কৰণ আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উদ্ভাৱন কৰা যন্ত্ৰ-পাতি, মনোগ্ৰাহী সামগ্ৰী আদি প্ৰদৰ্শনীখনত উপস্থাপন কৰা হয় ।
লগতে পঢ়ক: Hundred Years Closing Ceremony: দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান