গুৱাহাটী,১৩ জুন: ইছলামিক সংগঠন Popular Front of India(PFI) আৰু Campus Front of India (CFI)ক নিষিদ্ধ ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে(National Bajrang Dal lodges strong protest in Guwahati) । সোমবাৰে দীঘলী পুখুৰীৰ পাৰত দলটোৰ সদস্যসকলে জয় শ্ৰী ৰাম, ভাৰত মাতা কি জয়, ৰাষ্ট্ৰীয় বজৰংগ দল জিন্দাবাদ, PFI আৰু CFI ক নিষিদ্ধ কৰক, ইছলামিক মৌলবাদী সংগঠন কঠোৰ হাতেৰে দমন কৰক আদি শ্লোগান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি দলটোৰ অসম প্ৰদেশৰ সভাপতি দিনেশ কলিতাই কয় যে অসমত PFI জেহাদী কাৰ্যকলাপৰ লগত জড়িত হৈ আছে । অতি শীঘ্ৰে অসম চৰকাৰে PFI আৰু CFI ক নিষিদ্ধ ঘোষণা কৰিব লাগে । সংগঠনটো কেৰেলাত ২৭ টা হত্যাকাণ্ডৰ গোচৰত জড়িত হৈ আছে । কেৰেলা উচ্চ ন্যায়ালয়ে ইয়াক উগ্ৰপন্থী সংগঠন বুলি অভিহিত কৰিছে ।
PFI ৰ বিৰুদ্ধে ভাৰতত বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে । অসমত PFI য়ে ১০ খন জিলাত নেটৱৰ্ক বৃদ্ধি কৰাৰ লগতে অসমত সংগঠনটোৰ ২৭ হাজাৰ সক্ৰিয় সদস্য আছে । PFI আৰু CFI- এই সংগঠন দুটাই আই এচ আই এচ(ISIS) আৰু ওলকায়দা আদি সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসবাদক উৎসাহিত কৰা সাহিত্য আদি অনুবাদ কৰি মুছলিম যুৱক যুৱতী সকলক সন্ত্ৰাসবাদী বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ।
সেয়েহে অসমত সংগঠন দুটাক নিষিদ্ধ কৰিবলৈ দলটোৱে দাবী জনায় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ শতাধিক সদস্যই ।
লগতে পঢ়ক: পত্নীক নিৰ্যাতন চলোৱা চিকিৎসকৰ হাতত লাগিল হেণ্ডকাফ