ETV Bharat / state

মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

অৱশেষত নিয়তিৰ সন্মুখত হাৰ মানিলে ধেমাজিৰ মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াই ৷ জীৱন মৃত্যুৰে কঠোৰ যুঁজ দি বুধবাৰে মৃত্যুক সাৱটি ল'লে ছাত্ৰীগৰাকীয়ে ৷ মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীৰ এজন কৰ্মচাৰীৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নন্দিতা ৷

nandita saikia critically injured in machete attack died in dibrugarh
মৃত্যুৰে হাৰ মানিলে নন্দিতাই
author img

By

Published : Aug 25, 2021, 3:24 PM IST

নিউজ ডেস্ক, 25 আগষ্ট : জীৱন-মৃত্যুৰে যুঁজ দি অৱশেষত হাৰ মানিলে ধেমাজিৰ মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াই ৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত বুধবাৰে ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এজন যুৱকৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজ দিছিল ছাত্ৰীগৰাকীয়ে ৷

21 আগষ্টত ধেমাজি মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াক মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এজন যুৱকে ৰাজপথত বৰ্বৰোচিতভাৱে দাৰে ঘপিয়াই আহত কৰিছিল ৷ নন্দিতাৰ লগতে আন এগৰাকী যুৱতীও এই আক্ৰমণৰ সন্মুখীন হৈছিল । যুৱকজনে আক্ৰমণ কৰা অৱস্থাত নন্দিতাৰ যথেষ্ট ৰক্ত ক্ষৰণ হোৱাত স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল ৷

লগতে পঢ়ক : কেনে আছে নন্দিতা শইকীয়া ?

যাৰ পৰিপ্ৰেক্ষিতত যুৱতীগৰাকীয়ে অতি সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজ দি চিকিৎসাধীন হৈ আছিল ৷ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল নন্দিতা ৷

শেহতীয়াকৈ নন্দিতাৰ মগজুৱে কোনো সঁহাৰি নিদিয়াৰ লগতে দৰবেও কোনো সঁহাৰি দিয়া নাই বুলি চিকিৎসকে প্ৰকাশ কৰিছিল ৷ ইফালে নন্দিতাৰ আক্ৰমণৰ বিৰুদ্ধে ধেমাজিত ইতিমধ্যে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আক্ৰমণকাৰী যুৱকজনৰ বিৰুদ্ধে কঠোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

ৰিণ্টু শৰ্মা নামৰ আক্ৰমণকাৰী যুৱকজন সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৷ উল্লেখ্য যে, পৰীক্ষা দি মহাবিদ্যালয়ৰ পৰা ওলাই অহাৰ পাচতে ৰিণ্টু শৰ্মা নামৰ যুৱকজনে নন্দিতাক আক্ৰমণ কৰাৰ লগতে নন্দিতাৰ বান্ধৱী আৰু বান্ধৱীৰ পিতৃকো দাৰে ঘপিয়াই আহত কৰিছিল ৷

লগতে পঢ়ক : নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.