গুাৱাহাটী,17 অক্টোবৰঃ সামাজিক মাধ্যমত প্ৰায়েই মহিলাসকলক লক্ষ্য কৰি লোৱা হয় ৷ একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন অশালীন মন্তব্য কৰি মহিলাসকলক জনসমাজত হেয় প্ৰতিপন্ন কৰিব খুজি আহিছে ৷ সামাজিক মাধ্যমত মহিলাক বিভিন্ন অশ্লীল মন্তব্যৰে সমালোচনা কৰি মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে এটা বিশেষ অসাধু চক্ৰই ৷” এই মন্তব্য ৰাজ্যৰ এগৰাকী ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিৰ ৷
বৰকাকতিৰ মন্তব্য, “সামাজিক মাধ্যমৰ মন্তব্য ৰখাতো সকলোৰে অধিকাৰ আছে ৷ সেইবুলিয়েই অশ্লীল ভাষা ব্যৱহাৰ কৰি মহিলা সকলক মানসিক ভাৱে হাৰাশাস্তি কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে ৷” উল্লেখ্য যে শেহতীয়াকৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখিন হৈছে এইগৰাকী ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতি ৷ ‘Page-3 বুটিক’ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী নন্দিনী বৰকাকতিক শেহতীয়াকৈ সামাজিক মাধ্যমত ফটোগ্ৰাফাৰ কমল বৰ্মনে বিভিন্ন অশ্লীল ভাষাৰে সমালোচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে নন্দিনী বৰকাকতিয়ে ৷ এই প্ৰসংগত মহানগৰীৰ চানমাৰী থানাত কমল বৰ্মনৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছে নন্দিনী বৰকাকতিয়ে ।
লগতে পঢ়কঃ পুনৰ সাংবাদিক নিগ্ৰহঃদোষীক শাস্তিৰ দাবীৰে শিৱসাগৰত আছুৰ কলা পতাকা প্ৰদৰ্শন