ETV Bharat / state

Nagaland bandh postponed: নিৰ্বাচনৰ পূৰ্বে নগা সমস্যাৰ সমাধান বিচাৰি আহ্বান জনোৱা নাগালেণ্ড বন্ধ স্থগিত

author img

By

Published : Jan 14, 2023, 7:15 PM IST

নিজৰ ৰাজনৈতিক সমস্যাৰ বহু প্ৰত্যাশিত সমাধানত পলম হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিবলৈ নাগালেণ্ড পিপলছ একচন কমিটীয়ে ১৪ জানুৱাৰীত ৰাজ্যব্যাপী ৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল(6 hour Nagaland bandh) । কিন্তু ৰাজ্যখনৰ শীৰ্ষ জনজাতীয় সংগঠন Central Nagaland Tribes Council (CNTC)ৰ বহু জনজাতীয় সংস্থাই প্ৰস্তাৱিত বন্ধৰ বিৰোধিতা কৰিছিল । যাৰ ফলত আহ্বান কৰা বন্ধ স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয় নাগালেণ্ড পিপলছ একচন কমিটী(Nagaland bandh postponed) ৷

Nagaland bandh postponed
নিৰ্বাচনৰ পূৰ্বে নগা সমস্যাৰ সমাধান বিচাৰি আহ্বান জনোৱা নাগালেণ্ড বন্ধ স্থগিত

গুৱাহাটী, ১৪ জানুৱাৰী: নাগালেণ্ডত শনিবাৰে আহ্বান জনোৱা ৬ ঘণ্টীয়া বন্ধ স্থগিত ৰাখিবলৈ বাধ্য হয় নাগালেণ্ড পিপলছ একচন কমিটি(Nagaland People’s Action Committee) ৷ নাগালেণ্ড পিপলছ একচন কমিটীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ দাবীত এই বন্ধৰ আহ্বান জনাইছিল । শনিবাৰে ৰাজ্যজুৰি বন্ধ ঘোষণা কৰাৰ সময়তে নাগালেণ্ডত ছয়ঘণ্টীয়া বন্ধৰ বিৰোধিতা কৰে ৰাজ্যখনৰ আন আন দল-সংগঠনসমূহে ৷

নাগালেণ্ড পিপলছ একচন কমিটীয়ে এনে সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাজ্যখনৰ শীৰ্ষ জনজাতীয় সংগঠন Central Nagaland Tribes Council (CNTC)ৰ পৰামৰ্শ লোৱা নাছিল ৷ যাৰ বাবে বহু জনজাতীয় সংস্থাই প্ৰস্তাৱিত বন্ধৰ বিৰোধিতা কৰিছিল । ফলত বন্ধ স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয় নাগালেণ্ড পিপলছ একচন কমিটি ৷

নাগালেণ্ডত বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল ৪ মাৰ্চত শেষ হ’ব । সেয়ে, ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দলে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৬০ জনীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে মেঘালয় ভ্ৰমণ সামৰি শুকুৰবাৰে দুপৰীয়া দুদিনীয়া নাগালেণ্ড ভ্ৰমণৰ বাবে ক’হিমাত উপস্থিত হয় ৷ এই ভ্ৰমণৰ লগত সংগতি ৰাখি শনিবাৰে পুৱা ৬ বজাৰ পৰা দুপৰীয়ালৈ ৰাজ্যজুৰি বন্ধৰ আহ্বান জনাইছিল নাগালেণ্ড পিপলছ একচন কমিটিয়ে ।

নাগালেণ্ড পিপলছ একচন কমিটিয়ে ১২ জানুৱাৰীত ডিমাপুৰত অনুষ্ঠিত এক মাৰাথন সভাত এই বন্ধৰ সিদ্ধান্ত লৈছিল । নগা শান্তি আলোচনাৰ আলোচনাপন্থী দলসমূহক আলোচনা ক্ষীপ্ৰতাৰে কৰি বিষয়টোক যুক্তিসংগত সিদ্ধান্তলৈ অনাৰ আহ্বান জনাই ২০২২ চনৰ জুন মাহত বহু জনজাতীয় সংস্থা আৰু নাগৰিক সমাজৰ সংগঠনৰ বৈঠকত এন পি এ চি গঠন কৰা হৈছিল । সংগঠনটোৰ আহ্বায়ক থেজা থেৰিয়ে কয় যে, তেওঁলোকে এই বন্ধ পালন কৰি নাগা শান্তি প্ৰক্ৰিয়া বিলম্বিত হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিব বিচাৰিছিল ৷

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে নগাসকলে সমস্যাটোৰ সমাধানৰ দাবী জনাইছে নাগালেণ্ড পিপলছ একচন কমিটিয়ে । শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যখনত উপস্থিত থকাকৈ নিৰ্বাচন আয়োগৰ দলটো আহিছিল । “২৬ বছৰীয়া আলোচনাই যথেষ্ট নহয়নে ? আলোচনাৰ নামত কাকোৱেই দীঘলীয়া যাত্ৰালৈ নিব নালাগে । নগাসকলে এই সমস্যাৰ সমাধানৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰি আছে" বুলি মন্তব্য কৰে নাগালেণ্ড পিপলছ একচন কমিটিৰ আহ্বায়ক থেজা থেৰিয়ে ৷

আহ্বায়ক থেৰিয়ে নাগা জনসাধাৰণৰ সহযোগিতা কামনা কৰি দাবী কৰে যে, নগা শান্তি প্ৰক্ৰিয়াৰ দ্ৰুত সমাধানৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ নগা জনজাতীয় সংস্থা আৰু নাগৰিক সমাজৰ সংগঠনসমূহে নাগালেণ্ড পিপলছ একচন কমিটিক সমৰ্থন কৰিছে । কিন্তু তাৰ বিপৰীতে আঠটা নগা জনজাতিৰে গঠিত সংস্থা Central Nagaland Tribes Council চমুকৈ চিএনটিচিৰ বৈঠকৰ পিছত নাগালেণ্ড পিপলছ একচন কমিটিক অনুৰোধ জনোৱাত সংগঠনটোৱে প্ৰস্তাৱিত বন্ধ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Nitin Gadkari receives death threat calls : নীতিন গাডকাৰীৰ কাৰ্যালয়লৈ তিনিটাকৈ ভাবুকিভৰা ফোনকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.