ETV Bharat / state

মহানগৰীত হোলী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকে বিতৰণ কৰিলে মিঠাই - গুৱাহাটী মহানগৰী হোলী

গুৱাহাটী মহানগৰীত হোলী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মিঠাই বিতৰণ । ঘৰে ঘৰে গৈ হিন্দু লোকক হোলীৰ শুভেচ্ছা জ্ঞাপনৰ লগতে মিঠাই বিতৰণ কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । একতাৰ বান্ধোন সদায় অটুট থকাৰ কামনা দুয়োটা সম্প্ৰদায়ৰ লোকৰ ।

মহানগৰীত হোলী
মহানগৰীত হোলী
author img

By

Published : Mar 10, 2020, 4:03 PM IST

Updated : Mar 10, 2020, 4:17 PM IST

গুৱাহাটী,10 মাৰ্চঃ সমগ্ৰ দেশতে ৰঙৰ উৎসৱ হোলীক লৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হোৱাৰ মাজতে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰমভাৱে উদযাপন কৰে হোলী । হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোকে বাস কৰা দক্ষিণগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে হোলী উপলক্ষে অঞ্চলটোত বসবাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকৰ বাসগৃহলৈ গৈ সকলোকে মিঠাই বিতৰণ কৰি হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে মিঠাই খুৱায় ৷

muslim people contribute sweet in the ocassion of holi guwahati
মহানগৰীত হোলী

হিন্দু সম্প্ৰদায়ৰ লোকসকলেয়ো ইছলাম ধৰ্মাৱলম্বী লোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰে । অঞ্চলটোত বসবাস কৰা দুয়োটা সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবছৰে এইদৰে হোলী উদযাপন কৰি আহিছে । সমগ্ৰ বিশ্বত কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ বাবে মহানগৰীৰ এই অঞ্চলৰ লোকসকলেয়ো এইবাৰ বিৰত থাকে ফাকুৱা খেলৰ পৰা । ফাকুৱাৰ ৰঙেৰে অঞ্চলটোৰ বাসিন্দাসকল ৰঙীন নহ'লেও অঞ্চলটোৰ একতা আৰু ভাতৃত্ববোধৰ ৰঙত কিন্তু কোনোধৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত নহ'ল । একতা আৰু ভাতৃত্ববোধৰ ৰঙেৰে প্ৰতিবছৰৰ দৰে এইবাৰো ৰঙীন হৈ থাকিল দক্ষিণগাঁৱৰ পৰিৱেশ ।

ইছলাম ধৰ্মাৱলম্বী লোকৰ মিঠাই বিতৰণ

উল্লেখ্য যে,এইবাৰ কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকাৰ বাবে ভাৰতবাসীয়ে বিৰত আছে ৰঙৰ উৎসৱ হোলী উদযাপনৰ পৰা । মহানগৰীত পূৰ্বৰ লেখীয়াকৈ ৰাইজ ওলাই নাহিল ফাকুৱাৰ ৰং খেলিবলৈ,ইয়াৰ মাজতো একাংশ অঞ্চলত ইজনে-সিজনক ৰং লগাই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয় ।

লগতে চাওকঃগৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কংগ্ৰেছ নেতা সিন্ধিয়াৰ

Last Updated : Mar 10, 2020, 4:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.