ETV Bharat / state

মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান: চৰ্চাত মুকেশ আগৰৱালাৰ নাম - মুকেশ আগৰৱালা

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালকক লৈ সৰৱ চৰ্চা । বাছনিত তিনি জেষ্ঠ IPS বিষয়াৰ নাম । বহুল চৰ্চা এজন IPS বিষয়াক লৈ । অসম-মেঘালয় কেডাৰৰ আই পি এছ(IPS) বিষয়া আৰ চন্দ্ৰনাথনে বিগত বৰ্ষৰ ২১ ডিচেম্বৰত মেঘালয়ৰ আৰক্ষী সঞ্চালক পদৰ পৰা অৱসৰ লোৱাৰ পাছত খালী হৈ আছে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী বিভাগৰ মুৰব্বীৰ পদটো ।

Mukesh Agarwala may be Meghalaya's new DGP
চৰ্চাত মুকেশ আগৰৱালাৰ নাম
author img

By

Published : Feb 26, 2022, 5:34 PM IST

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান(DGP) কোন হ'ব তাকে লৈ বিশেষ চৰ্চা চলিছে । অসম-মেঘালয় কেডাৰৰ আই পি এছ(IPS) বিষয়া আৰ চন্দ্ৰনাথনে বিগত বৰ্ষৰ ২১ ডিচেম্বৰত মেঘালয়ৰ আৰক্ষী সঞ্চালক পদৰ পৰা অৱসৰ লোৱাৰ পাছৰে পৰা খালী হৈ আছে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী বিভাগৰ মুৰব্বীৰ পদটো।

মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে চৰ্চালৈ আহিছে অসম-মেঘালয় কেডাৰৰ তিনি জ্যেষ্ঠ আই পি এছ বিষয়াৰ নাম । মেঘালয় চৰকাৰে আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে নাম প্ৰেৰণ কৰা পাঁচজনীয়া তালিকাৰ পৰা তিনি শীর্ষ বিষয়াক নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ বাবে তালিকাভুক্ত কৰিছে ইউ পি এছ চিয়ে(UPSC) ।

উচ্চতম ন্যায়ালয়ৰ নিদের্শনাৰ ভিত্তিতে ইউ পি এছ চি(UPSC)য়ে ১৯৮৯ বেটছৰ আই পি এছ(IPS) মুকেশ আগৰৱালা, একেটা বেটছৰ আই পি এছ(IPS) বিষয়া কে ভি সিংদেউ আৰু ১৯৯১ বেটছৰ আই পি এছ(IPS) বিষয়া এল আৰ বিষ্ণইক বাছনি কৰিছে ।

মেঘালয় চৰকাৰে নাম প্রেৰণ কৰা ১৯৯১ বেটছৰ আই পি এছ(IPS) বিষয়া এছ এন সিং আৰু ১৯৯২ বেটছৰ আই পি এছ তথা বর্তমান মেঘালয়ৰ ভাৰপ্রাপ্ত ডিজিপিৰ দায়িত্বত থকা ইদাছিচা নংৰাঙৰ নাম বাছনিভুক্ত কৰাৰ পৰা বিৰত থাকিল ইউ পি এছ চি(UPSC)। ইউ পি এছ চি(UPSC)য়ে তালিকাভুক্ত কৰা অসম-মেঘালয় কেডাৰৰ তিনি আই পি এছ(IPS) বিষয়াৰ জ্যেষ্ঠতাৰ শীৰ্ষত আছে অসম আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ বিশেষ সঞ্চালক প্রধান মুকেশ আগৰৱালা।

শ্বিলঙৰ ছেণ্ট এডমাণ্ডছ কলেজৰ প্রাক্তন ছাত্র মুকেশ আগৰৱালাই ১৯৯০ চনত শ্বিলঙত সহকাৰী আৰক্ষী অধীক্ষক হিচাপে প্রশিক্ষণ লৈ যোগদান কৰিছিল । মেঘালয়ৰ ৰাজ্যপালৰ এ ডি চি আৰু ইষ্ট খাচী হিলচ আৰু উলিয়ামনগৰৰ এ ডি চি অ’(ADCO) হিচাপেও কৰ্মৰত আছিল আগৰৱালা। মুকেশ আগৰৱালাই হৈছে মেঘালয়ৰ ৰাজ্যপালে এডিচি(ADC) নিযুক্তি দিয়া প্রথমজন আই পি এছ বিষয়া।

আনহাতে ইউ পি এছ চি(UPSC)য়ে তালিকাভুক্ত কৰা কে ভি সিংদেউ বর্তমান অসম আৰক্ষীৰ বি আই ই অ'(BIEO)ৰ বিশেষ সঞ্চালক পদত কৰ্মৰত আৰু এল আৰ বিষ্ণই অসম আৰক্ষী প্রশিক্ষণ আৰু সশস্ত্র শাখাৰ বিশেষ সঞ্চালক প্রধানৰ পদত সেৱাৰত হৈ আছে।

শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমায়ে ইউ পি এছ চি(UPSC)য়ে বাছনি কৰা তালিকাৰ ভিত্তিতে শীঘ্ৰে ৰাজ্য চৰকাৰে নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি দিব বুলি প্ৰকাশ কৰিছে । উল্লেখ যে সুদীর্ঘ ৩০ বছৰ ধৰি আৰক্ষী বাহিনীত সেৱা আগবঢ়াই অহা মুকেশ আগৰৱালাৰ বিৰুদ্ধে নাই কোনো দুর্নীতি-অনিয়মৰ গোচৰ।

ইফালে মেঘালয় আৰক্ষীৰ মুৰব্বী পদৰ বাবে ইউ পি এছ চি(UPSC)য়ে বাছনি কৰা তিনিওজন আই পি এছ(IPS) বিষয়াই বর্তমান অসম আৰক্ষীত সেৱা আগবঢ়াই আছে যদিও কেৱল মুকেশ আগৰৱালাৰ মেঘালয় আৰক্ষীত কাম কৰাৰ অভিজ্ঞতা আছে। সেই সূত্রে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে মুকেশ আগৰৱালাই অগ্রাধিকাৰ পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ মাৰ্চত অসমলৈ স্থানান্তৰ হ’ব অইলৰ মুখ্য কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.