গুৱাহাটী, 26 নৱেম্বৰ: সদ্যপ্ৰয়াত জেষ্ঠ কংগ্ৰেছী নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা নিবেদন কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ সৈতে থকা স্মৃতি সোঁৱৰণ সাংসদ গৰাকীৰ ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৰাজনৈতিক ভাৱে যথেষ্ট পৰিপক্ক তথা বন্ধুত্বসুলভ মনোভাৱৰ আছিল বুলি তাছাই মন্তব্য কৰে ৷
গগৈৰ সৈতে ব্যক্তিগত সম্পৰ্ক সন্দৰ্ভত তাছাই জানিবলৈ দিয়ে যে ৰাজনৈতিক মতাদৰ্শৰ ফালৰ পৰা দুয়োগৰাকীয়েই পৃথক আছিল ৷ স্বাভাৱিকতেই ৰাজনৈতিক ক্ষেত্ৰখনত দুয়ো দুয়োৰে প্ৰতিদ্বন্দী আছিল ৷ কিন্তু ৰাজনৈতিক শত্ৰুতা থাকিলেও যে বন্ধুত্বসুলভ মনোভাৱৰ গগৈয়ে ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত কোনো দিনে একো আঘাত হ'ব দিয়া নাছিল সেই কথা তাছাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷
উল্লেখ্য যে আজি পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷
লগতে পঢ়ক:আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যু