ETV Bharat / state

Sushmita Talukdar: যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ তিনি লাখ টকাৰ সাহাৰ্য আজমলৰ - সুস্মিতা তালুকদাৰলৈ তিনি লাখ টকাৰ সাহায্য আজমলৰ

দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুশিল্পী সুস্মিতা তালুকদাৰ ৷ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ ধনৰ ৷ যাদুশিল্পীগৰাকীলৈ শেহতীয়াকৈ ডেৰ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল সাংসদ বদৰুদ্দিন আজমলে ৷ আজি আকৌ ডেৰ লাখ টকাৰ সাহাৰ্য আগবঢ়াই সাংসদগৰাকীয়ে ৷

MP Ajmal donates 3 lakh to magician Sushmita Talukdar
সুস্মিতা তালুকদাৰলৈ তিনি লাখ টকাৰ সাহায্য আজমলৰ
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:36 PM IST

সুস্মিতা তালুকদাৰলৈ তিনি লাখ টকাৰ সাহায্য আজমলৰ

গুৱাহাটী, ১৫ নৱেম্বৰ: দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা যাদুশিল্পী সুস্মিতা তালুকদাৰলৈ পুনৰ সহায়ৰ হাত আগবঢ়াইছে সাংসদ বদৰুদ্দিন আজমলে । এইখিনিতে উল্লেখ কৰিব লাগিব যে যাদুশিল্পী সুস্মিতা তালুকদাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে আৰু অস্ত্ৰোপচাৰৰ বাবে বুজন পৰিমাণৰ অৰ্থৰ প্ৰয়োজন । এই সন্দৰ্ভত যাদুশিল্পী সুস্মিতা তালুকদাৰে নিজৰ ৰোগৰ বিষয়ে অৱগত কৰি আৰ্থিক সাহায্য বিচাৰি সামাজিক মাধ্যমত অলপতে এটা ভিডিঅ’ পোষ্ট কৰিছিল ।

ইফালে সংবাদ মাধ্যমতো সুস্মিতা তালুকদাৰৰ ৰোগ আৰু ব্যয়বহুল চিকিৎসাৰ বিষয়ে বাতৰি পৰিৱেশিত হৈছিল । তাৰ পাচতেই বিভিন্ন দল-সংগঠন তথ‍া ব্যক্তি বিশেষে সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিছিল । সাংসদ আজমলেও যাদুশিল্পীগৰাকীক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে । আজি আজমলে যাদুশিল্পী সুস্মিতা তালুকদাৰক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । লগতে ডেৰ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় ।

আজমলে যাদুশিল্পী সুস্মিতা তালুকদাৰক সাহস দি কয় যে তোমাৰ কাৰণে দোৱা কৰি আছোঁ যাতে তুমি সোনকালেই সুস্থ হৈ উঠা । এতিয়ালৈকে সাংসদ আজমলৰ তৰফৰ পৰা সুস্মিতা তালুকদাৰলৈ মুঠ তিনি লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয় । উল্লেখ্য যে কিছুদিন পূৰ্বে সাংসদ আজমলে নিজেই সুস্মিতা তালুকদাৰৰ সৈতে ফোন যোগে যোগাযোগ কৰিছিল । তাৰ পাচত সুস্মিতা তালুকদাৰক হোজাইলৈ মাতি আনি আজমলৰ তিনি ভগ্নী সংগঠন আজমল ফাউণ্ডেছন, মাৰ্কাজুল মা আৰিফ আৰু হাম পাব্লিক ট্ৰাষ্টৰ পৰা চিকিৎসাৰ বাবে এক লাখ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে । মাজতে সুস্মিতা তালুকদাৰৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

উল্লেখ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুৰাণী সুস্মিতা তালুকদাৰক ৰবটিক অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন ৩৫ লক্ষাধিক টকাৰ । ইতিমধ্যে সুস্মিতা তালুকদাৰক সহায় কৰাৰ বাবে বিভিন্ন দল-সংগঠন আগবাঢ়ি আহিছে ।

লগতে পঢ়ক: Susmita suffering from cancer: দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুশিল্পী সুস্মিতা, বিচাৰিছে আপোনাৰ অকণমান সহায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.