ETV Bharat / state

Opposition unity in Assam : বিৰোধী ঐক্যমঞ্চৰ পৰা আপ আঁতৰ হোৱাৰ আঁৰত বিজেপিৰ হাত থকাৰ সন্দেহ সাংসদ অজিত কুমাৰ ভূঞাৰ - MP Ajit Kumar Bhuyan slams AAP

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ পৰা আপ আঁতৰ হ'ব বুলি ইটিভি ভাৰতত প্ৰকাশিত বাতৰিৰ সত্যতা প্ৰমাণিত হ'ল । 30 জুনত প্ৰকাশিত বাতৰিৰ পাছত 2 জুলাইত আপৰ ঘোষণা । বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিয়াৰ আৰম্ভণিতে বিৰোধী ঐক্যমঞ্চত লাগিছে কেণা ।

MP Ajit Kumar Bhuyan slams AAP
আপক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ
author img

By

Published : Jul 5, 2023, 2:20 PM IST

গুৱাহাটী, 5 জুলাই : বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছিল 12 টাকৈ বিৰোধী ৰাজনৈতিক দল । কিন্তু 12 টা দলৰ ঐক্য শক্তিশালী হোৱাৰ পূৰ্বেই তেওঁলোকৰ ঐক্যত আউল লাগিল । এই ঐক্যৰ পৰা আঁতৰি গ'ল আম আদমি পাৰ্টী চমুকৈ আপ । আনহাতে ইটিভি ভাৰতৰ বাতৰিৰো সত্যতা প্ৰমাণিত হ'ল । পূৰ্বৰ প্ৰতিবেদনত কোৱা হৈছিল যে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মঞ্চৰ পৰা আঁতৰ হ'ব আম আদমি পাৰ্টী চমুকৈ আপ ।

Opposition unity in Assam
বিৰোধী ঐক্যমঞ্চৰ সংবাদ মেল

ইটিভি ভাৰতৰ 30 জুনত প্ৰকাশিত 'কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 12 টা বিৰোধী দলৰ পৰা আঁৰত হ'ব আপ' শীৰ্ষক বাতৰিটোৰ পাছতে 2 জুলাইত আপৰ তেজপুৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছৰ নেতৃত্বৰ ঐক্যমঞ্চত আপে নথকাৰ সিদ্ধান্ত লয় । আপৰ এই ঘোষণাৰ পিচতে বিৰোধী ঐক্যমঞ্চত একপ্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে । বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিয়াৰ আৰম্ভণিতে বিৰোধী ঐক্যমঞ্চত লাগিছে কেণা ।

অসমত বিৰোধী ঐক্যমঞ্চৰ অন্যতম দল আপে আৰম্ভণিতেই ছত্ৰভংগ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ দল আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই । ঐক্যমঞ্চৰ পৰা আপ এইদৰে আঁতৰ হোৱাৰ আঁৰত বিজেপিৰে হাত থাকিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে । ৰাজ্যত 'তিনি গগৈ'ৰ ৰাজনীতি তুংগত থকাৰ সময়তে আপে বিৰোধী ঐক্যমঞ্চ এৰিলে । আপৰ মতে কংগ্ৰেছ বিজেপিৰ বিকল্প নহয় ।

Opposition unity in Assam
বিৰোধী ঐক্যমঞ্চৰ সভা

দিল্লী আৰু পঞ্জাৱত কংগ্ৰেছৰ চৰকাৰ ওফৰাই গাদী দখল কৰা আপৰ আত্মবিশ্বাস এতিয়া তুংগত । সেই আত্মবিশ্বাসেৰেই অসমত আপে বিজেপিৰ বিকল্প আপহে হ’ব বুলি কৈ সংগ এৰিলে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ । বিৰোধী ঐক্যমঞ্চৰ পৰা আপে হঠাতে পৃষ্ঠভংগ দিয়া সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ কয় যে বিৰোধীৰ ঐক্যমঞ্চ সহজ নাছিল আৰু সহজ নহয় । সাংসদগৰাকীয়ে বিজেপিয়ে পতা জালত আপে ভৰি দিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰে ।

উল্লেখ্য যে, আপে যিদৰে কংগ্ৰেছক বিজেপিৰ বিকল্প বুলি নিজকে পতিয়ন নিয়াব পৰা নাই সেইদৰে আপৰ ওপৰতো বিশ্বাস নাই সাংসদগৰ‍াকীৰ । সাংসদগৰাকীৰ মতে বিজেপিক পৰাজিত কৰাৰ শক্তি কংগ্ৰেছৰহে আছে, আপৰ নহয় । তেওঁ কয় যে সকলো দলৰে মতাদৰ্শ সুকীয়া সুকীয়া । সকলোকে একেখন মঞ্চত আগবঢ়াই নিয়াটো ইমান সহজ নহয় । বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত আপ লগত থকাৰ প্ৰয়োজন আছিল বুলি তেওঁ কয় ।

এইবোৰ অশুভ ইংগিত নহয় বুলি সদৰি কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা ভোট বিভাজন হ’ব । তেওঁ লগতে কয় যে আপে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তি নাই । উল্লেখ্য যে অনাগত দিনত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ ঐক্য কিমান শক্তিশালী হৈ থাকে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক : Kamal kumar Medhi news : তিনি গগৈৰ বাবে আপৰ পৰা নিলম্বন হ’ল কমল মেধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.