ETV Bharat / state

Motorized rickshaw driver dharna: মটৰচালিত ৰিক্সাচালকৰ প্ৰতিবাদত কঁপিল চচল - Mayor Mrigen Sarania

চচলত মটৰচালিত ৰিক্সাচালকৰ ধৰ্ণা কাৰ্যসূচী (motorized rickshaw driver dharna in Guwahati) । গুৱাহাটীৰ ৰাজপথত এই ৰিক্সা চলাচল বন্ধৰ প্ৰতিবাদত ধৰ্ণা চালকসকলৰ । বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ প্ৰতিবাদকাৰীসকলৰ ।

motorized rickshaw driver dharna in Guwahati
চচলত মটৰচালিত ৰিক্সাচালকৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Jan 28, 2023, 7:46 PM IST

চচলত মটৰচালিত ৰিক্সাচালকৰ ধৰ্ণা কাৰ্যসূচী

গুৱাহাটী,২৮ জানুৱাৰী: গুৱাহাটীৰ ৰাজপথত দীৰ্ঘদিন ধৰি চলি থকা মটৰচালিত ৰিক্সা গুৱাহাটী পৌৰ নিগমে বন্ধ কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ গুৱাহাটী মটৰচালিত ৰিক্সাচালক ইউনিয়নৰ উদ্যোগত চচলস্থিত ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (motorized rickshaw driver dharna in Guwahati) । গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বিভিন্ন দাবী সন্মিলিত প্লে'-কাৰ্ড লৈ মটৰচালিত ৰিক্সা বন্ধ কৰাৰ আদেশ প্ৰত্যাহাৰ কৰক, ৰিক্সাচালকক সামাজিক নিৰাপত্তা প্ৰদান কৰক, চৰকাৰে ৰিক্সাচালকসকলৰ উপাৰ্জনৰ বাট মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰক, মটৰচালিত ৰিক্সাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰক আদি শ্লোগানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে (motorized rickshaw driver protest in Guwahati) ।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ পূৰ্বে গুৱাহাটী মহানগৰীত প্ৰায় ১০ হাজাৰৰো অধিক মটৰচালিত ৰিক্সা চলাচল কৰি আছিল (GMC banned motorized rickshaw Guwahati) । তাৰোপৰি বিগত সাত বছৰ ধৰি একাংশ দৰিদ্ৰ লোকে মটৰচালিত ৰিক্সা ক্ৰয় কৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত ভাড়া মাৰি পৰিয়ালক পোহপাল দি আহিছিল (all Guwahati motorized rickshaw driver union) ।

কিন্তু এসপ্তাহ পূৰ্বে গুৱাহাটী পৌৰ নিগমে মটৰচালিত ৰিক্সাসমূহ অবৈধ বুলি ঘোষণা কৰি এনে ৰিক্সাসমূহ জব্দ কৰাত মটৰচালিত ৰিক্সাচালকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় । আনহাতে, চালকসকলে মটৰচালিত ৰিক্সাসমূহ মোকলাই নিবলৈ অহাত GMC-য়ে ৰিক্সাচালকৰ পৰা দহ হাজাৰ টকা বিচৰা বুলি অভিযোগ কৰে ভুক্তভোগী চালকসকলে । ইফালে বিগত এসপ্তাহ ধৰি ৰিক্সাচালকসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ থকাৰ ফলত পৰিয়ালৰ বাবে পেটৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰি অনাহাৰে দিন অতিবাহিত কৰিবলগা হোৱা বুলিও অতি দুখেৰে কয় একাংশ চালকে ।

সেয়ে অতি সোনকালে মটৰচালিত ৰিক্সাচালকসকলৰ উপাৰ্জনৰ বাট মুকলি কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনায় । উল্লেখ্য, বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত মটৰচালিত ৰিক্সাচালকৰ (motorized rickshaw in Guwahati) নিৰ্দেশনা জাৰি কৰিছিল গুৱাহাটী পৌৰ নিগমে ৷ গুৱাহাটী পৌৰ নিগমৰ সেই নিৰ্দেশৰ পিছতে চিন্তিত হৈ পৰিছিল মটৰচালিত ৰিক্সাচালকসকল ৷ উল্লখ্য যে গুৱাহাটী পৌৰ নিগমে (GMC) তাৎক্ষণিকভাৱে ৰিক্সাসমূহৰ পৰা বৈদ্যুতিক মটৰ আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷

আনহাতে, উক্ত নিৰ্দেশটোত ৭ দিনৰ ভিতৰত ৰিক্সাসমূহৰ পৰা বৈদ্যুতিক মটৰ আঁতৰ নকৰিলে আইন অনুসৰি তেনে ৰিক্সাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিছিল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই (Mayor Mrigen Sarania) ৷ তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰিক্সাচালকসকলৰ মাজত ।

আনহাতে, তেনে ধৰণৰ একাংশ ৰিক্সাচালকে জি এম চিৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰকাশ কৰে যে যদিহে মটৰচালিত ৰিক্সাবোৰ বন্ধ কৰি দিয়ে, তেন্তে ৰিক্সাচালকসকলক বেলেগ ধৰণে পৌৰ নিগমে (Guwahati Municipal Corporation) ব্যৱস্থা কৰি দিয়ক । কিয়নো বহু ৰিক্সাচালকে গাঁঠিৰ ধন ভাঙি, টকা সুতত লৈ আনকি মাটি বন্ধকত দিও ৰিক্সাবোৰ ক্ৰয় কৰিছিল । উপাৰ্জনৰ একমাত্ৰ পথ মটৰচালিত ৰিক্সাৰ চলাচল মহানগৰীৰ ৰাজপথত বন্ধ কৰি দিলে কেনেদৰে পৰিয়াল পোহপাল দিব বুলিও ৰিক্সাচালকসকলে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: Amiyo Bhuyan Controversy : ইজনৰ পাছত সিজনক দুৰ্ব্যৱহাৰ বিধায়ক অমিয় ভূঞাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.