ETV Bharat / state

ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ - Victor Das profession

ৰাজনীতিৰ মেৰপেচত সোমাই পৰিছে নেকি ভিক্টৰ দাস ? বিভিন্নজনে উত্থাপন কৰিছে এই প্ৰশ্ন ৷ মঙলবাৰে ভিক্টৰ দাসৰ মাতৃয়েও বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ নিজৰ স্থিতিত ভিক্টৰ দাস অটল বুলি উল্লেখ কৰি মাতৃগৰাকীয়ে(Mother of Victor Das) প্ৰশ্ন কৰে যে যদি কেলেংকাৰী হোৱাই নাই সোমবাৰে সাতজনকৈ দালালক কিয় গ্ৰেপ্তাৰ কৰিলে ?

ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ

author img

By

Published : Sep 13, 2022, 9:07 PM IST

গুৱাহাটী, ১৩ ছেপ্টম্বৰ: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেনেদেন হোৱা বুলি অভিযোগ(Assam recruitment scam allegation) উত্থাপন কৰি গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস নামৰ এজন যুৱক ৷ ইণ্টাৰনেট কৰ্তন কৰি পানী নসৰকা নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত ভাৱে অভিযোগ উত্থাপন কৰাৰ অভিযোগ তুলি 5 টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হ’ল অভিযোগকাৰী ভিক্টৰ দাসৰ বিৰুদ্ধে (Victor Das arrested)৷

ইয়াৰ পাঠতে বিগত চাৰিটা দিনে আৰক্ষীৰ জিম্মাত আছে ভিক্টৰ দাস ৷ মঙলবাৰে পাণবজাৰ আৰক্ষী থানাত(Panbazar police station) ভিক্টৰক সাক্ষাৎ কৰিবলৈ আহি মাতৃয়ে উত্থাপন কৰিলে বিস্ফোৰক অভিযোগ । সমগ্ৰ বিষয়টো ৰাজনীতিৰ মেৰপেচৰ মাজত সোমাই পৰাৰ অভিযোগ উত্থাপন কৰে ভিক্টৰ দাসৰ মাতৃয়ে ৷ ভিক্টৰক ৰাজনীতিৰ মেৰপেচৰ মাজৰ পৰা মুকলি কৰি দিবলৈও অনুৰোধ জনালে মাতৃগৰাকীয়ে (Mother of Victor Das)।

ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ

আনহাতে বিজেপিৰ শাসনকালত অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত নহয় বুলি মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে ন দি কোৱাৰ পাছতো সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 7 জন চাকৰিৰ দালালক (Broker arrested by Dispur Police)৷ উক্ত প্ৰসংগত ভিক্টৰ দাসৰ মাতৃয়ে কয় যে ভিক্টৰে উত্থাপন কৰা অভিযোগসমূহ যদি ভিত্তিহীন তেন্তে জলসম্পদ বিভাগৰ নামত দালালি কৰা সাতজনকৈ লোক ক’ৰ পৰা ওলাল ?

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত সংঘটিত কেলেংকাৰীৰ তথ্য ভিক্টৰৰ হাতত নথকাকৈ অভিযোগ উত্থাপন কৰা নাই বুলি মাতৃগৰাকীয়ে পুনৰ মন্তব্য কৰে ৷ ভিক্টৰে কৈ থকা কথাবোৰৰ যদি ভিত্তি নাই তেন্তে ভিক্টৰৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনে কোৱা কথাৰো ভিত্তি নাই বুলি মন্তব্য কৰে ভিক্টৰৰ মাতৃয়ে ৷

আনহাতে ভিক্টৰ দাস চৰকাৰী শিক্ষক হোৱাৰ লগতে দুটাকৈ ক’ছিং চেণ্টাৰৰ স্বত্বাধিকাৰী বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই তোলা অভিযোগৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভিক্টৰৰ মাতৃয়ে (Victor Das profession)৷ তেওঁ কয় যে ভিক্টৰ এজন টেট উত্তীৰ্ণ শিক্ষক হয়, কিন্তু দুটাকৈ শৈক্ষিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নহয় ৷ ভিক্টৰে প্ৰতিষ্ঠান দুটাৰ যোগেদি শিক্ষা প্ৰদানহে কৰে ৷ ইয়াৰোপৰি ইউটিবযোগে ভিক্টৰে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰা বুলিও জানিবলৈ দিয়ে মাতৃগৰাকীয়ে ৷

উল্লেখ্য যে, ভিক্টৰ দাসে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পাছতে ভিক্টৰৰ বিৰুদ্ধেও একাধিক অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰে আন এটা অভিযোগ হৈছে যে ভিক্টৰে শিক্ষকতা কৰা চৰকাৰী বিদ্যালয়খনলৈ নিয়মীয়াকৈ নাযায় ৷ এই অভিযোগ ভিক্টৰৰ মাতৃয়ে নস্যাৎ কৰি কয় যে ভিক্টৰ নিয়মীকৈ বিদ্যালয়লৈ যোৱাৰ উপৰিও নিজৰ টকাৰে মাংস কিনিও ছাত্ৰ-ছাত্ৰীক খুৱায় ৷

ভিক্টৰ কেতিয়াও ভাগি পৰা নাছিল আৰু এতিয়াও ভাগি পৰা নাই বুলি উল্লেখ কৰে মাতৃগৰাকীয়ে ৷ তেওঁ কয় যে ভিক্টৰ নিজৰ স্থিতিত অটল আছে আৰু কুশেলে আছে ।

লগতে পঢ়ক: জয়া কলিতাক ব্লেকমেইলাৰ আখ্যা দি প্ৰকৃত পৰিচয় বিচাৰিলে জনপ্ৰতিনিধিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.