ETV Bharat / state

Mother and son attacked by miscreant: নিশা শুই থাকোতেই মাতৃ-পুত্ৰক দুৰ্বৃত্তৰ আক্ৰমণ মহানগৰীত

author img

By

Published : Feb 3, 2023, 1:59 PM IST

মহানগৰীৰ মাজ মজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মাজনিশা শুই থাকোতেই মাতৃ-পুত্ৰক আক্ৰমণৰ কৰি হত্যাৰ চেষ্টা চলাই কোনো অচিনাক্ত দুৰ্বৃত্তই (Mother and son attacked by miscreant)। গুৰুতৰভাৱে আহত হয় পুত্ৰ । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

Mother and son attacked by miscreants while sleeping in Guwahati
মাজনিশা শুই থাকোতেই মাতৃ-পুত্ৰত আক্ৰমণ দুৰ্বৃত্তৰ

গুৱাহাটী, 3 ফেব্ৰুৱাৰী: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Assam) ৷ বিশেষকৈ অপৰাধ আৰু অপৰাধীৰ যেন ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত ড্ৰাগছ, গাঞ্জা, চুৰি ডকাইতি, হত্যা, ধৰ্ষণকে আদি কৰি বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷

দিন দুপৰতে হত্যাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে আনকি এতিয়া নিজৰ ঘৰখনো যেন সুৰক্ষিত হৈ থকা নাই মহানগৰীত ৷ শেহতীয়াকৈ মহানগৰীত তেনে এক ঘটনাই সংঘটিত হৈছে ৷ মাজনিশা ঘৰৰ ভিতৰত শুই থাকোতেই আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই (Mother and son attacked by miscreants in Guwahati) ।

যোৱা বুধবাৰে মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপৰ দেৱদাৰু পথৰ এঘৰত নিশা প্ৰায় এক মান বজাত সংঘটিত হৈছিল এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা ঘৰখনৰ গৰাকী অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়া অন্য দিনাৰ দৰেই শুই আছিল ৷ শুই থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই মনে মনে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত ৷

ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে অধিবক্তা নিৰুপমা শইকীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ তাৰ পিছতে অধিবক্তাগৰাকীৰ পুত্ৰ অভিজিৎ শইকীয়াক উপৰ্যুপৰি আক্ৰমণ চলাই দুৰ্বৃত্তই ৷ ইফালে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা মাতৃ-পুত্ৰই প্ৰাণ ৰক্ষাৰ স্বাৰ্থত কৰিলে চিঞৰ-বাখৰ ৷ ফলত ধৰা পৰাৰ ভয়ত সেই স্থানৰ পৰা পলায়ন কৰে দৃৰ্বৃত্তটো (Attempted murder in Nagaon) ৷

ঘটনাৰ পিছতেই সংকটজনক অৱস্থাত মাতৃ-পুত্ৰ দুয়োকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ জানিব পৰা মতে মাতৃ নিৰুপমা শইকীয়া সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে পুত্ৰ অভিজিৎ শইকীয়া ৷ সম্প্ৰতি GNRC হাস্পতালত চিকিৎসাধীন হৈ আছে অভিজিৎ শইকীয়া ।

ইফালে এই ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত ৷ শুকুৰবাৰে দিশপুৰ আৰক্ষী আৰু ফৰেনচিকৰ এটা দলে ঘৰটোৰ সমগ্ৰ চৌহদত প্ৰায় ৮ ঘন্টা অনুসন্ধান চলাই । অনুসন্ধানত কিছু নথি পত্ৰ জব্দ কৰে দলটোৱে ‌।

উল্লেখ্য যে ড্ৰীমলেণ্ড পাৰ্কৰ স্বত্বাধিকাৰী আছিল নিৰুপমা শইকীয়া । ব্যৱসায়িক সংঘাত নে ডকাইতি কৰিবলৈ আহি এনে ধৰণৰ ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ আক্ৰমণৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ যদিও আৰক্ষীৰ তদন্তত অতি সোনকালেই পোহৰলৈ আহিব সকলো কথা । ইফালে তদন্তৰ খাতিৰত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীযে বৰ্তমানলৈ সংবাদ মাধ্যমত একো তথ্য সদৰী কৰা নাই ।

লগতে পঢ়ক: Murder in Nalbari : একেগাঁৱৰে টেম্পু চালকৰ দাৰ ঘাপত প্ৰাণ গ’ল মুকুট ৰহমানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.