ETV Bharat / state

Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাত শতাধিক সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য - Minority Muslim voters in Assam

নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত পেলাব ব্যাপক প্ৰভাৱ । সমষ্টি বিলুপ্ত হোৱাত একাংশ ৰাজনীতিকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰাৰ বিপৰীতে নতুন সমষ্টিৰ প্ৰস্তাৱে আন একাংশৰ সম্ভাৱনাৰ বাট মুকলি কৰি দিছে । খচৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে প্রায় ১০২টা বিধানসভা সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য থাকিব । পূর্ববংগীয় মূলৰ মুছলমানৰ হাতত থাকিব ২৪-২৬ টা সমষ্টি । শংকিত সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতি কৰি অহা ৰাজনৈতিক দলসমূহ ।

Assam constituency delimitation draft
Assam Bangladeshi issue
author img

By

Published : Jun 23, 2023, 4:23 PM IST

গুৱাহাটী, ২৩ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে দাখিল কৰা খচৰাক লৈ ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে প্ৰতিক্ৰিয়া । বিশেষকৈ বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত সমষ্টিৰ বিলুপ্তি, সীমাৰ ব্যাপক সালসলনি তথা সমষ্টিৰ নতুন নামকৰণৰ প্ৰস্তাৱকলৈ ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । লক্ষণীয় বিষয় যে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক প্ৰভাৱ পেলাব । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ যোগেদি ৰাজ্যৰ ৰাজনীতিত খিলঞ্জীয়াৰ প্ৰাধান্য যথেষ্ট বৃদ্ধি পাব ।

Constituency delimitation
শতাধিক সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য

উল্লেখ্য যে, বহু কেইটা দৃষ্টিকোণৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে । সমষ্টি বিলুপ্ত হোৱাত একাংশৰাজনীতিকৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰাৰ বিপৰীতে নতুন সমষ্টিৰ প্ৰস্তাৱে আন একাংশৰ সম্ভাৱনাৰ বাট মুকলি কৰি দিছে । আনহাতে, সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতি কৰি অহা ৰাজনৈতিক দলসমূহ এই খচৰাক লৈ চিন্তাত পৰিছে । খচৰাত লোকসভা আৰু বিধানসভা সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে একেই আছে যদিও সমষ্টিসমূহৰ সীমাৰ সাল-সলনিয়ে ৰাজনৈতিক সমীকৰণত আউল লগাইছে ।

মন কৰিবলগীয়া যে, বিগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল সংকটৰ গৰাহত পৰাৰ বিষয়টো স্পষ্ট হৈ পৰিছিল । বিজেপিৰ পক্ষে প্রবল বতাহ থকাৰ পাচতো দলটোৱে নিৰ্বাচনত আশা কৰা অনুসৰি ফল লাভ কৰা নাছিল । বিশেষকৈ সকলো সংখ্যালঘু অধ্যুষিত সমষ্টিতেই এ আই ইউ ডি এফ আৰু কংগ্ৰেছে প্রাধান্য লাভ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰে কৌশলপূৰ্ণ ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে ।

লগতে পঢ়ক: Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

লক্ষণীয়ভাৱে খিলঞ্জীয়া ভোটাৰৰ আধিপত্য থকা বি টি আৰতো সমষ্টিৰ সংখ্যা এতিয়াৰ ১২ৰ পৰা ১৫ৰ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এনে পৰিস্থিতিত নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা অনুসৰি যদি বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হয় তেনেহ'লে ৰাজ্যত খিলঞ্জীয়াৰ প্ৰাধান্য থকা সমষ্টিৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত । খচৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে প্রায় ১০২ টা বিধানসভা সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য থাকিব । ইয়াৰ বিপৰীতে ২৪-২৬টা সমষ্টিহে পূর্ববংগীয় মূলৰ মুছলমানৰ হাতত থাকিব ।

উল্লেখ্য যে, বৰ্তমান সময়ত প্ৰায় ৪০-৪৫ টা সমষ্টিতে পূৰ্ববংগীয় মূলৰ মুছলমানৰ বিশেষ প্ৰাধান্য আছে । ইফালে খচৰাখনত এনে কিছুমান সমষ্টি সংৰক্ষিত কৰা হৈছে যাৰ ফলত নির্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা মুছলমানসকল সমস্যাত পৰিব । বৰপেটা, নাওবৈচা আৰু হাজো সমষ্টিত সংখ্যালঘু ভোটাৰে সদায়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । কিন্তু খচৰাত বৰপেটা, হাজো আৰু নাওবৈচা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । যাৰ ফলত এই তিনিটা সমষ্টিতে ভৱিষ্যতে সংখ্যালঘু প্রার্থী জয়ী হৈ অহাৰ বাট বন্ধ হৈ পৰিব । পূৰ্বতে সংৰক্ষণমুক্ত হৈ থকা গোৱালপাৰা (পশ্চিম) সমষ্টিটো এতিয়া অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে । এনেদৰে কৌশলেৰে আন বহুকেইটা সমষ্টিত সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে ।

মন কৰিব লগীয়া যে, লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টো যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । বৰপেটা লোকসভা সমষ্টিত খিলঞ্জীয়া লোক প্রতিনিধি হোৱাৰ পথ একপ্ৰকাৰ ৰুদ্ধ হৈ পৰিছিল । ১৯৯৬ চনৰ পাছত সমষ্টিটোত কোনো অ-মুছলমান লোক জয়ী হোৱা নাই । কিন্তু নতুন খচৰাত বৰপেটা লোকসভাৰ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাটাও নতুন বিধানসভা সমষ্টি । আনহাতে, কৰ্তন কৰা হৈছে জনিয়া, বাঘবৰৰ দৰে সংখ্যালঘু বসতিপ্রধান বিধানসভা সমষ্টি । যাৰ ফলত অনাগত দিনত সমষ্টিটোৰ নিৰ্বাচনী যুঁজ আকর্ষণীয় হৈ পৰিব ।

সেইদৰে ধুবুৰী আৰু নতুনকৈ সৃষ্টি কৰা কাজিৰঙা সমষ্টিৰ নতুন সীমাই বিপদত পেলাব সংখ্যালঘু ভোটৰ আশাত থকা ৰাজনৈতিক দলসমূহক । কাজিৰঙাত অন্তর্ভুক্ত হৈছে হোজাই, বঢ়মপুৰ, লামডিঙৰ দৰে বাঙালী লোকৰ অধিপত্য থকা সমষ্টি । একেদৰে ধুবুৰী লোকসভাৰ পৰা গোৱালপাৰা পশ্চিমক কৰ্তন কৰি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কৰা হৈছে ।

লগতে পঢ়ক: Constituency delimitation 2023; সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা BJP আৰু কংগ্ৰেছ দলৰ সুবিধাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে : বদৰউদ্দিন আজমল

আনহাতে, উজনিত আমগুৰি, থাওৰা, লাহোৱাল আদি বিধানসভা সমষ্টি কেইটা বিলুপ্তি ঘটোৱাৰ বিপৰীতে তিনিচুকীয়া জিলাত মাকুম, ধেমাজিত চিচিবৰগাঁও আৰু লখিমপুৰত ৰঙানদী নামৰ নতুন সমষ্টি গঠনৰ প্ৰস্তাৱ লোৱা হৈছে । উল্লেখ্য যে, ব্যাপক সাল-সলনিৰে প্ৰস্তুত কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে বিজেপি বিৰোধী দল-সংগঠন সমূহৰ কিছু নেতা ইয়াৰ বিৰুদ্ধে থিয় দিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.