গুৱাহাটী, 30 নৱেম্বৰ: কাইলৈ গুৱাহাটীত উপস্থিত হ'বহি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক মোহন ভাগবত। চাৰিদিনীয়া বিশেষ কাৰ্যসূচী লৈ অসমলৈ আহিবলগীয়া আৰএছএছ প্ৰধানগৰাকীয়ে সংগঠনটোৰ অসম প্ৰান্তৰ প্ৰান্তীয় তলীৰ তিনিখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। ইটিভিৰ সাংবাদিকক এই কথা জানিবলৈ দিছে সংঘৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে।
উল্লেখযোগ্য যে, ডিচেম্বৰ মাহত নাগপুৰত সংঘৰ কাৰ্যকাৰিনী বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক‘ভিড-19 কেন্দ্ৰীক পৰিস্থিতিৰ বাবে সেই গুৰুত্বপূৰ্ণ বৈঠক এইবাৰ কেন্দ্ৰীয়ভাবে আয়োজন নকৰি সংঘচালকগৰাকীয়ে প্ৰান্তসমূহত নিজেই উপস্থিত হৈ সাংগঠনিক বিষয়সমূহ আলোচনা কৰাৰ পদক্ষেপ লৈছিল। ইয়াৰে অংশ হিচাপে যোৱা চাৰিদিন পশ্চিম বংগত থকাৰ পিছত তেওঁ কাইলৈ গুৱাহাটীত উপস্থিত হ'বহি। গুৱাহাটীত তিনিটা দিন কেইবাটাও পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পিছত নেতাগৰাকী অৰুনাচললৈ যাব বুলি দাস জানিবলৈ দিছে। এই ভ্ৰমনত সংঘচালকগৰাকীয়ে বিবিধ সংগঠন হিচাপে সংগঠিত ভগ্নী সংগঠনসমূহৰ ৰাজ্যিক নেতৃত্বৰ সৈতেও মিলিত হ'ব।
ইফালে, ৰাজ্যিক বিজেপিৰ এক সূত্ৰই জনোৱা মতে, সাংগঠনিক বৈঠকবোৰত অংশগ্ৰহণ কৰাৰ পিছত সংঘচালক গৰাকীয়ে ৰাজ্যত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰিব। অৱশ্যে এই বৈঠক ক‘ত অনুষ্ঠিত হব সেয়া জানিব পৰা হোৱা নাই ।