ETV Bharat / state

মন কী বাত অনুষ্ঠানে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্রাণিত কৰিছে

মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়ােজিত কার্যসূচীত উপস্থিত দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক চি টি ৰবি । ৰাজ্যজুৰি লাখ লাখ কাৰ্যকৰ্তাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ 'মন কী বাত' শীৰ্ষক কাৰ্যসূচীত অংশগ্রহণ ।

author img

By

Published : Oct 25, 2021, 7:56 AM IST

মন কী বাত অনুষ্ঠানে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্রাণিত কৰিছে
'মন কী বাত' অনুষ্ঠানে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্রাণিত কৰিছে

গুৱাহাটী, 25 অক্টোবৰ : সমগ্র দেশৰ লগতে অসমতাে লাখ লাখ বিজেপিৰ কাৰ্যকৰ্তাই দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ 'মন কী বাত' কাৰ্যসূচীত অংশগ্রহণ কৰে । অসমত প্রায় ১৫ লাখ কার্যকর্তাই এই কাৰ্যসূচীত ভাগ লােৱা বুলি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ৰ পৰা জনোৱা হৈছে ।

উল্লেখ্য যে, ৰাজ্যিক মুখ্য কার্যালয়ৰ লগতে দলৰ ৪০ খন সাংগঠনিক জিলাৰ জিলা কার্যালয়, ৩৯৯ টা মণ্ডল আৰু ২৮ হাজাৰ বুথত দলীয় কার্যকর্তাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়ােজিত কার্যসূচীত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক চি টি ৰবি, প্রাক্তন সভাপতিদ্বয় ক্রমে ৰাজেন গােঁহাই আৰু ৰমেন ডেকা, দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােৱাল, গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰণীয়া আৰু দিছপুৰ মণ্ডলৰ ৯১নং বুথৰ সভানেত্রী বীণা দেৱী উপস্থিত থাকে ।

'মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ বক্তব্য শেষ হােৱাৰ পিছত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে এখনি ফুলাম গামােচাৰে বুথ কমিটিৰ সভানেত্রী বীণা দেৱীক সম্বর্ধনা জনায় । ভাষণ প্ৰসংগত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে কয় যে প্রধানমন্ত্রীয়ে ‘মন কি বাত’ৰ জৰিয়তে সমগ্ৰ দেশতে মানুহৰ মনত ইতিবাচক চিন্তাৰ বিকাশ ঘটোৱাৰ লগতে বিশেষভাৱে যুৱ প্ৰজন্মক ৰাষ্ট্ৰ সেৱাৰ বাবে অনুপ্রাণিত কৰিছে ।

অনুষ্ঠানত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বক্তব্য আগবঢ়ায় । ভাষণ প্ৰসংগত তেওঁ কয়-' আজিৰ মন কী বাত অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্রীয়ে দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰ সামৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে । লগতে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বচ্ছতাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । নিশ্চিতভাৱে দেওবাৰৰ মন কী বাত অনুষ্ঠানে দেশবাসীক এক নতুন চিন্তাৰ অৱকাশ দিব' ৷

উল্লেখ্য যে, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে দলৰ ৰাজ্যিক কৰ্মকৰ্তাৰে মত-বিনিময় কৰে ।

লগতে পঢ়ক : পকা আঙঠাৰ মাজেৰে খোজ দিলে অতুল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.