ETV Bharat / state

Modi20 Dreams Meet Delivery: কলাক্ষেত্রত মোডী@২০ ড্ৰিমছ মিট ডেলেভাৰী উন্মোচন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ বছৰীয়া ৰাজনৈতিক জীৱনৰ সামগ্ৰিক পৰিক্ৰমাৰ ভিত্তিত প্ৰকাশিত গ্ৰন্থ 'Modi@20: Dreams Meet Delivery' শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৷ উন্মোচনী অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Modi20 Dreams Meet Delivery
কলাক্ষেত্রত "মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী" উন্মোচন
author img

By

Published : Jun 25, 2022, 6:40 PM IST

গুৱাহাটী, ২৫ জুন: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শনিবাৰে আয়োজন কৰা এক অনুষ্ঠানত 'Modi@20: Dreams Meet Delivery' শীৰ্ষক গ্ৰন্থখন ৰাজ্যিক ভিত্তিত উন্মোচন কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে (Modi at 20 Dreams Meet Delivery Launch Event) ।

গ্ৰন্থ উন্মোচনৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী, বিশিষ্ট শিল্পী অংগৰাগ পাপন মহন্ত, অলিম্পিকৰ পদকপ্ৰাপ্ত বক্সাৰ লাভলীনা বৰগোহাঁই, এচিয়ান গেমছৰ পদকপ্ৰাপক দৌৰবিদ হিমা দাস, ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টিকাৰী দৌৰবিদ অম্লান বৰগোহাঁয়ে অংশ গ্ৰহণ কৰে ।

কলাক্ষেত্রত "মোডী@২০: ড্ৰিমছ মিট ডেলেভাৰী" উন্মোচন

আনহাতে অনুষ্ঠানত বেডমিন্টন খেলুৱৈ পি ভি সিন্ধু আৰু এক্সিছ বেংক ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালক সঞ্চালক প্ৰদীপ গুপ্তাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে । ৰূপা পাব্লিকেশ্যনে প্ৰকাশ কৰা ব্লু কাফ্ট ডিজিটেল ফাউণ্ডেশ্যনে সম্পাদনা আৰু সংকলিত কৰা এই গ্ৰন্থখনত বিগত ২০ টা বছৰত গুজৰাট আৰু ভাৰতত হোৱা উন্নয়নৰ আলোকপাত কৰা হৈছে । ২০২১ বৰ্ষত গুজৰাট আৰু কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হিচাবে মোদীয়ে ২০ টা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰকাশ কৰা গ্ৰন্থখনৰ আগকথা লিখিছে লতা মংগেশকাৰে ।

এই গ্ৰন্থখনত পি ভি সিন্ধু, সোবনা কামিনেমি, সুৰজিত এছ ভাল্লা, আমিশ ত্ৰিপাঠী, অমিত শ্বাহ, প্ৰদীপ গুপ্তা, অনন্ত নাগেশ্বৰন, অৰবিন্দ পানাগৰিয়া, শমিকা ৰবি, উদয় এছ কোটাক, অজয় মাথুৰ, অনুপম খেৰ, অশোক গুলাটি, ডাঃ দেৱী শেট্টি, নন্দন নিলেকানি, নৃপেন্দ্ৰ মিশ্ৰ, সদগুৰু, সুধা মূৰ্তি, অজিত ডোভাল কে চি, মনোজ লাড়ৱা, ভাৰত বাবাই, এছ জয়শংকৰ আদি প্ৰসিদ্ধ লোকৰ লেখা সন্নিবিষ্ট কৰা হৈছে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মৰম-ভালপোৱা আৰু দায়বদ্ধতাৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ বাবেই তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰা নাছিল । লোকসভাৰ বিগত নিৰ্বাচনত বিজেপিৰ অসম ৰাজ্যিক সমিতিয়ে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰামৰ্শ দিছিল । কিন্তু সেইসময়ত প্ৰধানমন্ত্ৰীৰে হোৱা তেওঁৰ সাক্ষাতত প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ নৱনিৰ্মাণত গুৰুত্ব দিয়াৰ কথা কৈছিল । যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমাক উত্তৰ-পূবত থাকি কাম কৰিবলৈ কৈছিল বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত সদৰি কৰে ।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীৰ দুৰ্বলতাৰ বিভিন্ন দিশ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, উত্তৰ-পূবক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদায় সচেতন । মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে মোদীয়ে স্বামী বিবেকান্দৰ আদৰ্শৰে ভাৰতক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: লগতে পঢ়ক: Sensational murder in Jorhat: ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.