ETV Bharat / state

মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ ৰাওনা হিমন্ত-সোণোৱাল

author img

By

Published : Jul 1, 2021, 1:39 PM IST

দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া ৷ মন্ত্ৰী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷

modi-cabinet-expansion-himanta-sonowal-left-for-delhi
দিল্লীলৈ ৰাওনা হিমন্ত-সোণোৱাল

গুৱাহাটী,1 জুন: পনৰ চৰ্চাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থান লাভৰ প্ৰসংগ ৷ এই সংক্ৰান্তত ইতিমধ্যে পুনৰ দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বুধবাৰে পুৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা পোনে পোনে দিল্লীলৈ উৰা মৰাৰ বিপৰীতে বৃহস্পতিবাৰে পুৱাতেই গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা । দুয়ো গৰাকীৰ দিল্লীৰ ভ্ৰমণে এতিয়া অসমৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেঁওৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভা দুই এদিনতে সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে ৷ এই সম্প্ৰসাৰণত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ সম্প্ৰসাৰণৰ পূৰ্বে বুধবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে তেঁওৰ বৰ্তমানৰ মন্ত্ৰী পৰিষদৰ সৈতে এক দীঘলীয়া ভাৰ্চুৱেল বৈঠকত মিলিত হৈছিল ৷

জানিব পৰা মতে, প্ৰায় পাঁচ ঘন্টা জুৰি চলিছিল বুধবাৰৰ এই ভাৰ্চুৱেল বৈঠক৷ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এই বৈঠক খন স্বাভাৱিকতে আছিল বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ৷ ইপিনে অহা 19 জুলাইৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বৰ্ষাকালীন অধিবেশন ৷ এই অধিবেশনৰ পূৰ্বেই সম্প্ৰসাৰণ হ'ব কেন্দ্ৰীয় মন্ত্ৰীসভা ৷

প্ৰাপ্ত খবৰ মতে, দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব এই সম্প্ৰসাৰণ প্ৰক্ৰিয়া ৷ মনকৰিবলগীয়া যে, মোদীৰ বৰ্তমানৰ মন্ত্ৰীসভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ো অন্তৰ্ভুক্ত হৈ আছে ৷ তেনেক্ষেত্ৰত মন্ত্ৰীসভাত সোণোৱালক সঁচাকৈয়ে অন্তৰ্ভুক্ত কৰা হ'ব নে নাই তাকে লৈয়ো ৰাজ্যৰ ৰাজনীতিত চৰ্চা অব্যাহত আছে ৷ কিয়নো অসমৰ দৰে এখন ৰাজ্যৰ পৰা দুজনকৈ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটোও হ'ব এক গুৰুত্বপূৰ্ণ বিষয় ৷

লক্ষণীয় কথাটো হ'ল কেইদিন মান পূৰ্বে সোণোৱালক মোডীৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি ৰামেশ্বৰ তেলীক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হ'ব বুলি বিজেপিৰ বাহিৰে ভিতৰে চৰ্চা চলিছিল৷ কিন্তু এতিয়া তেনে সম্ভাৱনা শেষ হৈছে ৷ কিয়নো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি পদত নিযুক্তি দিয়া হৈছে ভবেশ কলিতাক ৷ গতিকে মোদী মন্ত্ৰীসভাত অসমৰ দুজনকৈ মন্ত্ৰী থাকিলেও আচৰিত হবলগীয়া একো নাথাকিব ৷

উল্লেখযোগ্য যে সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নিয়া হ'ব ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে ৰাজ্যসভাত খালি হোৱা বিশ্বজিৎ দৈমাৰীৰ আসনখনত নিৰ্বাচিত কৰি নিয়া হ'ব সৰ্বানন্দ সোণোৱালক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.